
বুধবাৰে দুপৰীয়া পলাশবাৰীৰ বাটৰহাটস্থিত নিজ বাসভৱনত সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে দত্তই।
বুধবাৰে দুপৰীয়া পলাশবাৰীৰ বাটৰহাটস্থিত নিজ বাসভৱনত সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে দত্তই।
কংগ্ৰেছ ত্যাগ কৰিলে মুনমী দত্তই। পলাশবাৰী (Palashbari) বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি দীৰ্ঘদিন ধৰি কাম–কাজ কৰি আহিছিল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। কিন্তু শেষ মুহূৰ্তত মুনমী দত্তক বঞ্চিত কৰি ধনৰ বিনিময়ত এসময়ৰ জাতীয়তাবাদৰ মুখা পিন্ধা যতীন মালী (Jatin Mali)ক প্ৰাৰ্থিত্ব দিয়াৰ অভিযোগ তুলি দত্তই দল ত্যাগ কৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদমেল যোগে ঘোষণা কৰে।
বুধবাৰে দুপৰীয়া পলাশবাৰীৰ বাটৰহাটস্থিত নিজ বাসভৱনত সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে দত্তই। নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী যতীন মালীক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি মন্তব্য কৰে মুনমী দত্তই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|