• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : ‘ৰাহুল গান্ধী য'তেই আহে তাতেই কংগ্ৰেছ হাৰে, ৰাহুল গান্ধী নাহিলেহে কংগ্ৰেছৰ ফলাফল কিছু ভাল হ’লহেঁতেন’ – কোনে ক’লে এই কথা?

Assam-Assembly : ‘ৰাহুল গান্ধী য'তেই আহে তাতেই কংগ্ৰেছ হাৰে, ৰাহুল গান্ধী নাহিলেহে কংগ্ৰেছৰ ফলাফল কিছু ভাল হ’লহেঁতেন’ – কোনে ক’লে এই কথা?

সাংসদগৰাকীয়ে লগতে কয় যে গহপুৰত ৰিপুণ বৰাৰ দিন গ'ল৷ ৰিপুণ বৰাক গহপুৰৰ ৰাইজে গ্ৰহণ নকৰে৷

সাংসদগৰাকীয়ে লগতে কয় যে গহপুৰত ৰিপুণ বৰাৰ দিন গ'ল৷ ৰিপুণ বৰাক গহপুৰৰ ৰাইজে গ্ৰহণ নকৰে৷

সাংসদগৰাকীয়ে লগতে কয় যে গহপুৰত ৰিপুণ বৰাৰ দিন গ'ল৷ ৰিপুণ বৰাক গহপুৰৰ ৰাইজে গ্ৰহণ নকৰে৷

  • Share this:
‘‘ৰাহুল গান্ধী (Rahul Gandhi) য'তেই আহে তাতেই কংগ্ৰেছ (Congress) হাৰে৷ গহপুৰ (Gohpur)ত ৰিপুণ বৰা (Ripun Borah) হৰাটো খাটাং৷ ৰাহুল গান্ধী অসমলৈ নহা হ’লেহে কংগ্ৰেছ (Congress)ৰ ফলাফল কিছু ভাল হ'ল হয়৷’’ – বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰ (Pramod Borthakur)ৰ হৈ প্ৰচাৰ চলোৱা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে (Pallab Lochan Das) সাংবাদিকৰ আগত কৰে এই মন্তব্য৷

সাংসদগৰাকীয়ে লগতে কয় যে গহপুৰত ৰিপুণ বৰাৰ দিন গ'ল৷ ৰিপুণ বৰাক গহপুৰৰ ৰাইজে গ্ৰহণ নকৰে৷ আনহাতে, ৰাহুল আৰু প্ৰিয়ংকা (Priyanka Gandhi)ই চাহ শ্ৰমিকক লগ ধৰি চাহ-ভাত খোৱা সন্দৰ্ভত চাহ জনগোষ্ঠীয় নেতা পল্লৱ লোচন দাসে লগতে কয় যে সেয়া কংগ্ৰেছৰ নাটক৷ ২৬ তাৰিখলৈকে অসমত কংগ্ৰেছৰ এই নাটক চলি থাকিব যদিও ২৭ তাৰিখে ৰাইজে বিজেপিতে ভোট দিব৷

‘‘ইমান দিন কংগ্ৰেছ চৰকাৰ থাকোতে তেওঁলোক ক'ত আছিল ৷ তেতিয়া কিয় চাহ শ্ৰমিকৰ কাষলৈ তেওঁলোক নাহিল৷ চৰকাৰ থাকোতে মুখ্যমন্ত্ৰীক লগত লৈ চাহ শ্ৰমিকৰ লগত বহা হ'লে ভাবিলো হয় তেওঁলোকৰ শ্ৰমিকসকলৰ প্ৰতি আন্তৰিকতা আছে৷ এটা সময়ত চাহ শ্ৰমিকসকল কংগ্ৰেছৰে ভোট বেংক আছিল৷ আজি কিয় চাহ শ্ৰমিকসকল কংগ্ৰেছৰ পক্ষত নাই! কাৰণ কংগ্ৰেছে চাহ শ্ৰমিকৰ বাবে একো নকৰিলে আৰু বিজেপিয়ে চাহ শ্ৰমিকসকলৰ সমস্যাৰ কথা বুজি কাম কৰিলে৷’’ – মন্তব্য পল্লৱ লোচন দাসৰ।

পাঁচ বছৰত বিজেপিয়ে কৰা কামৰ ধাৰা দেখি তেওঁলোক চাহ শ্ৰমিকৰ ঘৰলৈ আহিবলৈ বাধ্য হৈ পৰিছে আৰু এইটোৱেই বিজেপিৰ সফলতা আৰু বিজেপিয়ে কৰা কামৰ সফলতা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে৷ পাঁচ বছৰত বিজেপিয়ে কৰা কামৰ বাবেই প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে আহি চাহ শ্ৰমিকৰ ঘৰত বহিবলৈ বাধ্য হ'ল বুলি কয় দাসে৷

‘‘অসমটো দূৰৈৰে কথা সমগ্ৰ ভাৰতবৰ্ষতে ৰাহুল গান্ধীৰ কাম নাই৷ তেওঁ য’তেই প্ৰচাৰ চলাইছে তাতেই কংগ্ৰেছ ডুবিছে৷ তেওঁ কোনোবা ৰাজ্যলৈ নাহিলেহে ভাল৷’’ – ক’লে সাংসদগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: