ঢেকিয়াজুলি (Dhekiajuli) বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথ (Benudhar Nath)ৰ হৈ সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi)য়ে বৃহস্পতিবাৰে ঢেকিয়াজুলিত নিৰ্বাচনী প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে সাংসদ গৌৰৱ গগৈয়ে মটৰ চাইকেল সমদলত অংশগ্ৰহণ কৰাৰ লগতে ঢেকিয়াজুলিত এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰে ৷
দিনৰ ১১ বজাত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে সাংসদ গৌৰৱ গগৈ আৰু ঢেকিয়াজুলিৰ কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথক লৈ গেজেঙাগুৰিৰ পৰা মটৰ চাইকেল সমদল উলিয়ায়৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়ি গৈ ঢেকিয়াজুলি নগৰত উপস্থিত হয় এই সমদল৷ ইয়াৰ পিছত ঢেকিয়াজুলি নগৰৰ ৪নং ৱাৰ্ডত থকা কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত সাংসদ গৌৰৱ গগৈয়ে এখন সভাত ভাগ লয়৷
ঢেকিয়াজুলি ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰফুল্ল ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত দলীয় সভাত ভাষণ প্ৰদান কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘উন্নয়নৰ বাবে কংগ্ৰেছৰ বিকল্প নাই৷ কংগ্ৰেছে প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়নৰ কথা চিন্তা কৰে৷ কংগ্ৰেছে এইবাৰ ৰাইজক পাঁচটা গেৰাণ্টী দিছে৷ কংগ্ৰেছ শাসনত আহিলে এই পাঁচটা গেৰাণ্টী নিশ্চিত কৰিব৷’’
সাংসদ গগৈয়ে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ বিজেপিৰ নেতাসকল ভেদাভেদৰ ৰাজনীতিত পাকৈত৷ ৰাইজক ভাগ ভাগ কৰাটো তেওঁলোকৰ ধৰ্ম৷ গতিকে ৰাইজে বিজেপিক উচিত শিক্ষা দিব লাগে৷ বিজেপিক উৎখাত কৰি কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাইজে আগভাগ ল’ব লাগে বুলি সাংসদ গগৈয়ে উল্লেখ কৰে৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, ‘‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন বেপাৰী৷ তেওঁ আনক বেপাৰী বুলি কয় কিন্তু প্ৰকৃততে মন্ত্ৰী শৰ্মাহে আচল বেপাৰী৷ জনপ্ৰতিনিধি কিনা-বেচাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাকৈত৷’’
তেওঁ কয়, বিজেপিয়ে অসমৰ ভাষা–সংস্কৃতি–ইতিহাস বিকৃত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনক স্বাধীনতা সংগ্ৰামী বুলি অভিহিত কৰি ইতিহাস বিকৃত কৰিছে বুলি কয় সাংসদগৰাকীয়ে৷ যোগী আদিত্য নাথে (Yogi Aditya Nath) মহাপুৰুষ শংকৰদেৱক লৈ ভুল ব্যাখা কৰি ইতিহাস বিকৃতকৰণ কৰিছে বুলি তেওঁ অভিযোগ কৰে৷ অহা নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল প্ৰদৰ্শন কৰি দিশপুৰত চৰকাৰ গঠন কৰিব৷ প্ৰথম পৰ্যায় নিৰ্বাচনত কংগ্ৰেছে আটাইকেইটা আসনত জয়ী হ’ব বুলি গৌৰৱ গগৈৰ দাবী কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|