বিৰোধী মহাজোঁটৰ চৰকাৰ নিশ্চিত, দাবী কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই

News18 Assam | News18-Assam
Updated:April 7, 2021, 7:47 PM IST
বিৰোধী মহাজোঁটৰ চৰকাৰ নিশ্চিত, দাবী কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই
বোকাখাত আৰু দিছপুৰ সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী ক্ৰমে প্ৰণৱ দলে আৰু মনজিৎ মহন্তৰ জয় নিশ্চিত বুলি দাবী কৰে দলটোৰ মুৰব্বী অজিত কুমাৰ ভূঞাই।

বোকাখাত আৰু দিছপুৰ সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী ক্ৰমে প্ৰণৱ দলে আৰু মনজিৎ মহন্তৰ জয় নিশ্চিত বুলি দাবী কৰে দলটোৰ মুৰব্বী অজিত কুমাৰ ভূঞাই।

  • Share this:
'বিৰোধী মহাাজোঁটৰ চৰকাৰ নিশ্চিত। দিছপুৰত পতন হ'ল বিজেপি চৰকাৰ। মহাজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰি দিছপুৰত চৰকাৰ গঠন কৰিব।'- সংবাদমেল অনুষ্ঠিত কৰি এই দাবী কৰে আঞ্চলিক গণ মৰ্চাৰ মুৰব্বী তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

বুধবাৰে সংবাদমেল সম্বোধন কৰি অজিত ভূঞাই কয় যে, 'মিত্ৰজোঁটে মহাজোঁটৰ জয়যাত্ৰা ৰোধ কৰিব নোৱাৰিলে। ২ মে'ত ৰাজ্যত নতুন চৰকাৰ হ'ব। সেই চৰকাৰে ৰাজ্যত শান্তি আৰু প্ৰগতিৰ বাবে কাম কৰিব।' সেইদৰে আঞ্চলিক গণ মৰ্চাই অসমৰ থলুৱা ৰাইজৰহৈও কাম কৰিব বুলি কয় ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত EVMকলৈ সংঘটিত ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰে আঞ্চলিক গণ মৰ্চাই। নিৰ্বাচন আয়োগক ইভিএম সম্পৰ্কত কঠোৰ স্থিতি ল'বলৈ দাবী জনাই সাংসদ অজিত কুমাৰ ভূঞাই। নিৰ্বাচন আয়োগক নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈও দাবী জনাই অজিত ভূঞাই।

ইফালে বোকাখাত আৰু দিছপুৰ সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী ক্ৰমে প্ৰণৱ দলে আৰু মনজিৎ মহন্তৰ জয় নিশ্চিত বুলি দাবী কৰে দলটোৰ মুৰব্বী অজিত কুমাৰ ভূঞাই।
Published by: Himangshu Bhuyan
First published: April 7, 2021, 7:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি