প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে দলসমূহৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে বিদ্ৰোহ৷ এজনৰ পিছত আন টিকটবঞ্চিত বিধায়ক, নেতাই এৰিছে দল৷ দুদিন পূৰ্বে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পিছতে দুধনৈতো দলটোৰ ভিতৰত চ’ৰাত আৰম্ভ হৈছে বিদ্ৰোহ!
বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভা (Dipak Kumar Rabha)ৰ টিকট কৰ্তন কৰি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ দুধনৈৰ প্ৰাৰ্থী হিচাপে শ্যামজিৎ ৰাভা (Shyamjit Rabha)ৰ নাম ঘোষণা কৰাৰ পিছতে দলটোৰ মাজত বিদ্ৰোহৰ উকমুকনিয়ে দেখা দিছে৷ দুটা ভাগত বিভক্ত হৈছে দলটোৰ নেতা–কৰ্মীসকল৷ একাংশই দলটোৰ লগত থাকি নতুন প্ৰাৰ্থীগৰাকীক সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই আকৌ টিকটবঞ্চিত দীপক কুমাৰ ৰাভা পক্ষত অৱস্থিতি গ্ৰহণ কৰিছে৷
তাৰ মাজতে আন এক খবৰে দুধনৈ (Dudhnoi)ৰ ৰাজনীতি গৰম কৰি তুলিছে৷ দলে টিকট নিদিয়াৰ ক্ষোভত দীপক কুমাৰ ৰাভাই মন মেলিছে নিৰ্দলীয় হিচাপে দুধনৈ সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। বিধায়কজনে ইতিমধ্যে সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ৷ উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে দুধনৈৰ সমষ্টিৰ প্ৰায় আটাইকেইটা বুথ কমিটীয়ে হুংকাৰ প্ৰদান কৰিছিলে যে দীপক ৰাভাক দলে টিকট নিদি নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে সেইজনক কোনোপধ্যেই সমৰ্থন নিদিয়ে ৷
তেনেক্ষেত্ৰত এতিয়া দলে যিহেতু দীপক ৰাভাৰ সলনি শ্যামজিৎ ৰাভাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে আৰু টিকট বঞ্চিত হোৱাৰ লগে লগে বৰ্তমানৰ বিধায়কজনে নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ যি চিন্তা–চৰ্চা কৰিছে তাক দলীয় নেতা–কৰ্মীসকলে কিদৰে লয় সেয়া ২ মে’ৰ ফলাফলতহে জানিব পৰা যাব ৷ আনহাতে এই মুহূৰ্তলৈকে দুধনৈ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই। যদিহে দীপক কুমাৰ ৰাভাই নিজৰ স্থিতিত অটল থাকে তেন্তে ৩৬নং দুধনৈ জনজাতি বিধানসভা সমষ্টিত আকৰ্ষণী ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ এখন যে দেখিবলৈ পোৱা যাব সেয়া নিশ্চিত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|