অসমত বিধানসভা নিৰ্বাচন (Assam Assembly Election 2021) চমু চাপিছে। ব্যস্ততা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ। দিনে–নিশাই সভা–সমিতিৰ জৰিয়তে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে ৰাজনৈতিক দলৰ নেতাসকলে। দিছপুৰৰ গাদী দখল কৰিবলৈ উঠি–পৰি লাগিছে সকলো দল। চলিছে মুখ্যমন্ত্ৰিত্বৰ চৰ্চাও। ইয়াৰ মাজতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য (Siddhartha Bhattacharya)ই কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য।
মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক’লে, পূৰ্বতকৈ বিশাল ভোটৰ ব্যৱধানত জয় হ’ম মই৷ মোৰ জয় নিশ্চিত৷ সমষ্টিবাসীৰ পৰামৰ্শ লৈ আগবাঢ়িছো আৰু ভবিষ্যৎ দিনতো আগবাঢ়িম৷ এইবাৰ নিৰ্বাচনত সমষ্টিটোত মোৰ প্ৰতিদ্বন্দ্বী মই নিজেই৷
মন্ত্ৰীগৰাকীয়ে লগতে কয়, পূব গুৱাহাটী সমষ্টিত প্ৰাৰ্থী দিবলৈ ভয় কৰিছে কংগ্ৰেছে৷ বিৰোধী দলৰ সবল প্ৰাৰ্থী হ’লে নিৰ্বাচনত যুঁজি ভাল লাগে৷ কিন্তু এইবাৰ পূব গুৱাহাটী সমষ্টিত এতিয়ালৈ প্ৰাৰ্থী নাই৷ মুখ্যমন্ত্ৰীক লৈ হোৱা বিতৰ্কৰ কোনো ক্ষতি নকৰে দলক৷ বৰং সহায় কৰিব৷ এখন নাৱত দুজনে বঠা ধৰিলে ভাল৷ এজন পিছলিলে আনজনে বঠা ধৰিব৷ আমাৰ মুখ্যমন্ত্ৰী হ’বলৈ কেইবাগৰাকীও যোগ্য ব্যক্তি আছে৷ আন দলৰ দৰে নহয় বিজেপি৷ আন দলেহে ভাবিব লগা হৈছে৷ যিটো বিজেপিৰ দলৰ বাবে শুভ লক্ষণ৷ ইপিনে, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘোষণা, ১৮ মাৰ্চত দাখিল কৰিব মনোনয়ন৷ চাইকেল চলাই দাখিল কৰিব মনোনয়ন পত্ৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|