"কংগ্ৰেছে মৌলানা বদৰুদ্দিন আজমলক (Badruddin Ajmal) বিয়া কৰাইছে। এতিয়া ন কইনা আজমলক উজনি অসমলৈ আনিব পৰা নাই। সমাজে মানি লোৱা নাই এই বিবাহক।" – বোকাখাত (Bokakhat) সমষ্টিৰ বিভিন্ন নিৰ্বাচনী সভাত এই মন্তব্য কৰিছে সমষ্টিটোৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদ (AGP)ৰ সভাপতি অতুল বৰাই (Atul Borah)।
উল্লেখযোগ্য যে উত্তৰ অসম, উজনি অসম আৰু মধ্য অসমৰ মুঠ ৪৭টা সমষ্টিত ২৭ মাৰ্চত অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই সমষ্টিসমূহৰ ভিতৰত কেবল মাত্ৰ ধিং (Dhing) সমষ্টিতহে এআইইউডিএফ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
ইফালে, উজনি অসমত যিহেতু এআইইউডিএফৰ সংগঠনো নাই আৰু ভোটো সিমিত, সেয়ে দলটোৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে প্ৰথম পৰ্যায়ত বিশেষ গুৰুত্ব দিয়া নাই। সেইবাবেই অতুল বৰাই আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে বদৰুদ্দিন আজমলক।
আজমল আৰু কংগ্ৰেছ প্ৰত্যাহ্বান জনাই অতুল বৰাই কয় যে যদি সাহস আছে কংগ্ৰেছে (Congress) উজনি অসমৰ সভালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আনক আজমলক। অতুল বৰাই লগতে কয় যে কংগ্ৰেছ আৰু আজমলৰ বিবাহক উজনি অসমৰ ৰাইজে মানি লোৱা নাই।
কংগ্ৰেছে মৌলানা বদৰুদ্দিন আজমলক বিয়া কৰাইছে বুলি কোৱা ডাইলগ হট হৈছে বোকাখাত সমষ্টিত। অৱশ্যে মন্ত্ৰী অতুল বৰাৰ মূৰৰ কামোৰণি হৈছে প্ৰাক্তন বিধায়ক জিতেন গগৈ (Jiten Gogoi) আৰু কংগ্ৰেছ সমৰ্থিত আঞ্চলিকতাবাদী গণ মৰ্চাৰ প্ৰণৱ দলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|