আৰম্ভ হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। শনিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত অহা ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলেই দিন ৰাতি একাকাৰ কৰি নামি পৰিছে প্ৰচাৰ অভিযানত।
কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তিৰ নাম। পৰ্বতসম সম্পত্তিৰগৰাকী এইগৰাকী প্ৰাৰ্থী অসম বিধানসভাৰ ইতিহাসত আটাইতকৈ ধনী প্ৰাৰ্থী। কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই নিজৰ শপতনামাত দাখিল কৰা মতে সম্পত্তিৰ পৰিমাণ ২৬৮ কোটি টকা।
এইবাৰৰ নিৰ্বাচনত মুঠ ১২৬ টা সমষ্টিৰ বাবে ৯৪৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্যা আছাম ইলেকছন ৱাটছ আৰু এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ)এ প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত মুঠ ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯০গৰাকী প্ৰাৰ্থাীয়েই কোটিপতি।
তালিকা অনুসৰি, ধনীৰ প্ৰাৰ্থী তালিকাৰ দ্বিতীয়স্থানত আছে হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদ। দুলু আহমেদৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৩ কোটি টকা। সেইদৰে ৩১ কোটি টকা সম্পত্তিৰে তৃতীয় স্থানত আছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|