বিধানসভা নিৰ্বাচনক (Assam Assembly Election 2021) লৈ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ভোটাৰৰ মন জয় কৰিবলৈ তথা ভোটাৰক আকৰ্ষিত কৰিবলৈ দলসমূহে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে মঙলবাৰে তিনিচুকীয়া সমষ্টিৰ BJP প্ৰাৰ্থী সঞ্জয় কিষাণ (Sanjay Kishan)ৰ হৈ ভোটভিক্ষা মাগিবলৈ আহি এক বিশাল ৰোড শ্ব'ত ভাগ ল'লে জনপ্ৰিয় ভোজপুৰী অভিনেতা তথা শীৰ্ষ বিজেপি নেতা মনোজ তিৱাৰী (Manoj Tiwari)য়ে।
তিনিচুকীয়া আই টি আই খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰা তিৱাৰীয়ে এখন পুষ্পসজ্জিত জীপত উঠি হিজুগুৰি দিশলৈ ৰাওনা হয়। ডি জেত ভোজপুৰী গীতৰ লহৰে লহৰে সমৰ্থক আৰু অনুৰাগীৰ সৈতে তিৱাৰীয়ে হিজুগুৰিৰ পৰা গোপীনাথ বৰদলৈ পথেৰে থানা চাৰিআলিত উপস্থিত হৈ কিছুসময় তাতে অৱস্থান কৰি সঞ্জয় কিষাণৰ সপক্ষে ভোটদান কৰিবলৈ তিনিচুকীয়াৰ ৰাইজক আহ্বান জনায়।
ইফালে, সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত তিৱাৰীয়ে বিজেপিৰ হৈ ভোটভিক্ষা কৰিবলৈকে তেওঁৰ তিনিচুকীয়ালৈ আগমন ঘটা বুলি উল্লেখ কৰি বিগত পাঁচটা বছৰে সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজৰ বাবে যিখিনি কৰিলে সেয়া সকলোৱে বুজি পাইছে বুলি মন্তব্য কৰে।
কংগ্ৰেছ দলে তিনিচুকীয়া আসনখন ৰাষ্ট্ৰীয় জনতা দলক এৰি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত তিৱাৰীয়ে কয়, বিহাৰৰ পৰা যিসকলে অসমলৈ আহিছে, যিসকলে বিহাৰ এৰি পলায়ন কৰিছে, তেওঁলোকে RJDৰ ভয়তেই পলায়ন কৰিছে। যাৰ ভয়ত আমি আমাৰ গাঁও এৰিলো, ঘৰ-বাৰী এৰিলো, যাৰ জংঘলৰাজত আমাৰ সন্তানৰ ওপৰত আক্ৰমণ হ'ল, আমাৰ ঘৰ-দোকান লুণ্ঠন কৰা হ'ল, সেই দলক বিশ্বাসত লৈ আমি আৰু আমাৰ প্ৰজন্মক ধ্বংস কৰিব নিবিছাৰো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় তিৱাৰীয়ে।
তেওঁ লগতে কংগ্ৰেছ দলক এটা পৰিয়ালকেন্দ্ৰিক দল বুলি আখ্যা দি কয় যে যিটো পৰিয়ালে আমেথিৰ পৰা ধাৰাবাহিকভাৱে যুঁজ দি আছিল সেই পৰিয়ালেই আমেথি এৰি আহিবলগা হ'ল। তেনেস্থলত এই পৰিয়ালটোৱে আৰু কিবা এৰি অহাটো কোনো গুৰুত্বপূৰ্ণ কথা নহয়, এইসকলে পলায়েই থাকিব। কিয়নো তেওঁলোকৰ কৰ্মই পলায়নবাদী হ'বলৈ বাধ্য কৰাইছে।
‘‘কংগ্ৰেছে যি মহাজোঁট কৰিছে, অসমত এইসকলক কোনে স্থান দিব। ইয়াৰ আগলৈকে কংগ্ৰেছে যিসকলৰ নীতি-আদৰ্শক সমালোচনা কৰিছিল এতিয়া সেইসকলক লৈয়ে জোঁটবন্ধন গঢ়ি তুলিছে। আপোনালোকে নিশ্চিন্ত থাকক, যিসকলে কংগ্ৰেছক ভাল পাইছিল সেইসকলে নিৰ্বাচনত বিজেপিকে ভোট দিব।’’ – ক’লে মনোজ তিৱাৰীয়ে।
ৰোড শ্ব'ত মনোজ তিৱাৰীক সংগ দিয়ে তিনিচুকীয়াৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ইয়াৰ পিছত শীৰ্ষ বিজেপি নেতাগৰাকীয়ে ডুমডুমাত ৰূপেশ গোৱালাৰ হৈ আৰু ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|