• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: হিমন্ত মামা নহয়, পলাশবাৰীলৈ আহিল মধ্যপ্ৰদেশৰ মামা! ক'লে- 'মই মধ্যপ্ৰদেশৰো মামা, অসমৰো মামা'

Himanta Biswa Sarma: হিমন্ত মামা নহয়, পলাশবাৰীলৈ আহিল মধ্যপ্ৰদেশৰ মামা! ক'লে- 'মই মধ্যপ্ৰদেশৰো মামা, অসমৰো মামা'

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিত উপস্থিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিত উপস্থিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিত উপস্থিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

  • Share this:
পলাশবাৰী সমষ্টিত বলিছে নিৰ্বাচনী বতাহ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিত উপস্থিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। পলাশবাৰীৰ বিজেপিৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ হয় চলোৱা নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে উদ্বোধনী ভাষণত ভাগিনক সম্বোধন কৰি ক'লে, 'মই মধ্য প্ৰদেশৰো মামা, অসমৰো মামা।'

পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত আৰ বি হাইস্কুল খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এই সভাত উপস্থিত থাকে অসম বিজেপি ৰ প্ৰভাৰী বয়জন্ত জে পাণ্ডা, উপ প্ৰভাৰী পৱন শৰ্মা , পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা, বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ লগতে বিজেপি নেতৃত্ব।

আজিৰ এই সভাত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী নিভা ঠাকুৰীয়াৰ নেতৃত্বত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। পলাশবাৰীৰ আৰ বি হাইস্কুলৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মা কামাখ্যাৰ পবিত্ৰ ভূমিত মোগলে অসমক ৭বাৰ কৈ আক্ৰমণ কৰিও একো কৰিব নোৱাৰিলে তাৰ পিছত ৰাহুল গান্ধী আৰু বদৰুদ্দিন আজমলে লগ হৈ কেনেকৈ চৰকাৰ গঠন কৰিব পাৰিব বুলিও প্ৰশ্ন তোলে।
Published by:Himangshu Bhuyan
First published: