অসমত বিগত পাঁচ বছৰত BJP চৰকাৰে অৰ্থনীতিৰ গতিবিধি কমি যোৱা বুলি উল্লেখ কৰি BJP-এ ৰাষ্ট্ৰবাদৰ ৰাজনীতি কৰে বুলি দাবী কৰে কমল নাথে৷
অসমত বিগত পাঁচ বছৰত BJP চৰকাৰে অৰ্থনীতিৰ গতিবিধি কমি যোৱা বুলি উল্লেখ কৰি BJP-এ ৰাষ্ট্ৰবাদৰ ৰাজনীতি কৰে বুলি দাবী কৰে কমল নাথে৷
ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে (Kamal Nath) শুকুৰবাৰে এক সংবাদমেলক সম্বোধন কৰে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত কমল নাথে অসমৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) প্ৰতিশ্ৰুতি দি পালন নকৰাৰ বুলি সমালোচনা কৰে৷
অসমত বিগত পাঁচ বছৰত BJP চৰকাৰে অৰ্থনীতিৰ গতিবিধি কমি যোৱা বুলি উল্লেখ কৰি BJP-এ ৰাষ্ট্ৰবাদৰ ৰাজনীতি কৰে বুলি দাবী কৰে কমল নাথে৷
ইপিনে ৰাহুল গান্ধীক BJP–এ কৰা সমালোচনা সন্দৰ্ভত কমল নাথে ৰাহুল গান্ধী (Rahul Gandhi)ৰ পিছত BJP লাগিব নালাগে, এয়া কংগ্ৰেছৰ ভিতৰুৱা কথা বুলি কয়৷
ইপিনে সংবাদ মেলত AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভে ক'লে- “মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অসমত আহি কালি আমাৰ নেতাৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰিলে৷ আমি কোনো অপশব্দৰে তেওঁক উত্তৰ নিদিও৷ অসম অপশব্দৰ ৰাজ্য নহয়৷”
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|