টিংখাঙত উপস্থিত BJPৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা (JP Nadda)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ সমান্তৰালভাৱে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডায়ো অসমত চলাইছে মাৰথন নিৰ্বাচনী প্ৰচাৰ। টিংখাং সমষ্টিৰ প্ৰাৰ্থী বিমল বড়াৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ৰাজগড়ৰ লংবৈ ৰাজহুৱা খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে।
ভাষণ প্ৰসংগত জে পি নাড্ডাই কয়, ‘‘দীৰ্ঘ সময় কংগ্ৰেছে উত্তৰ–পূবক উপেক্ষিত কৰি ৰাখিছিল। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন স্থবিৰ কৰি থৈছিল। বড়ো সমস্যাক ৫০ বছৰে অমীমাংসিত কৰি থৈছিল।’’
কংগ্ৰেছ (Congress) আৰু AIUDFৰ মিত্ৰতাক তীব্ৰ সমালোচনা কৰে জে পি নাড্ডাই। কংগ্ৰেছে অসমৰ সংস্কৃতিক সংকটত পেলাইছিল, অসমৰ নিৰাপত্তালৈ ভাবুকি আনিছিল বুলি মন্তব্য নাড্ডাৰ। বিজেপিয়ে বিগত পাঁচ বছৰৰ কাৰ্যকালত এই সমগ্ৰ বিষয়ত গুৰুত্ব দি পৰিৱৰ্তন আনিলে বুলি কয় নাড্ডাই।
‘‘বিজেপিৰ চৰকাৰৰ দিনত ৫০ বছৰে সম্পাদন নোহোৱা ঐতিহাসিক বড়ো চুক্তি সম্পাদন কৰি শান্তি প্ৰতিষ্ঠা হ'ল। খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান, চাহ জনগোষ্ঠীক স্বাস্থ্য, শিক্ষা আদি ক্ষেত্ৰত সমৃদ্ধিশালী কৰি কংগ্ৰেছৰ ৭০ বছৰীয়া কাৰ্যকালত উপেক্ষিত জনগোষ্ঠীটোক উদ্ধাৰ কৰে বিগত ৫ বছৰত। লুক ইষ্ট পলিচীৰে হাজাৰ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ, ব্ৰডগজ ৰে’ল, নতুন বিমানবন্দৰ ইত্যাদিৰে নতুন দিগন্তৰ সূচনা কৰে নৰেন্দ্ৰ মোদীয়ে। গাঁৱৰ ছবি সলনি কৰিলে, অনাময়ৰ যোগেদি মহিলাৰ জীৱনৰ মৰ্যাদা বৃদ্ধি কৰিলে, গাঁৱত বিদ্যুতৰ সংযোগৰ যোগেদি সলালে গাঁৱৰ দৃশ্যপট।’’ –নিজৰ ভাষণত ক’লে নাড্ডাই।
আনহাতে, নিৰ্বাচনৰ সময়ত কংগ্ৰেছে চাহ বাগিচাত কেৱল ফটো মাৰিবৰ বাবে আহে বুলি কৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|