• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : দলে–বলে ওলাই আহি ভোট দিবলৈ আহ্বান যোৰহাট জিলা প্ৰশাসনৰ, দুই কণমানি সন্তানক লগত লৈ যোৰহাটৰ উপায়ুক্তৰ প্ৰচাৰ

Assam-Assembly : দলে–বলে ওলাই আহি ভোট দিবলৈ আহ্বান যোৰহাট জিলা প্ৰশাসনৰ, দুই কণমানি সন্তানক লগত লৈ যোৰহাটৰ উপায়ুক্তৰ প্ৰচাৰ

সকলোকে দলে–বলে ওলাই আহি নিজৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে।

সকলোকে দলে–বলে ওলাই আহি নিজৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে।

সকলোকে দলে–বলে ওলাই আহি নিজৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে।

  • Share this:
আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ সকলো ৰাইজকে ভোটদান কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ উপায়ুক্ত তথা যোৰহাট জিলাৰ নিৰ্বাচন বিভাগে। এই নিৰ্বাচনক গণতন্ত্ৰৰ উৎসৱ ৰূপে অভিহিত কৰি সকলোকে দলে–বলে ওলাই আহি নিজৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে।

ইয়াৰ বাবে বিগত কিছু দিনৰ পৰা যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছিল কেতবোৰ বিশেষ ব্যৱস্থা। বিভিন্ন মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত ভোটদানৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টা কৰাৰ লগতে জিলাখনত ৰাইজৰ মাজত ভোটদানৰ গুৰুত্ব সম্পৰ্কে বুজাবলৈ চেষ্টা কৰি আহিছে যোৰহাটৰ নিৰ্বাচন বিভাগে।

উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে নিজৰ দুই কণমানি সন্তানক লগত লৈ ভোটদানৰ বাবে সৰ্বসাধাৰণ লোকক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে। যোৰহাটৰ উপায়ুক্তগৰাকীয়ে পুনৰ যোৰহাট জিলাৰ সকলো লোককে ভোটদান সাব্যস্ত কৰি সমগ্ৰ অসমৰ ভিতৰতে সৰ্বাধিক ভোটদানৰ ৰেকৰ্ড গঢ়িবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে যোৰহাট জিলাৰ যোৰহাট, টীয়ক, দেৰগাঁও, তিতাবৰ আৰু মৰিয়নী বিধানসভা সমষ্টিত থকা মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১১০২টা। ইয়াৰে মূল ভোটকেন্দ্ৰ হ’ল ৯৩৭টা। যোৰহাটত ২৬৬টা , টীয়কত ১৯১টা, দেৰগাঁৱত ২৪৫টা, তিতাবৰত ২২৭টা আৰু মৰিয়নীত স্থাপন কৰা ১৭৩টা ভোটকেন্দ্ৰত জিলাখনৰ মুঠ ৭,৫৬,৮৫৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ নিৰ্বাচনত যোৰহাট সমষ্টিত ১,৮০,৬১৮জন, টীয়কত ১,৩১,২৯৮জন, দেৰগাঁৱত ১,৬৮,২৭২জন, তিতাবৰত ১,৫৪,৫৪০জন আৰু মৰিয়নীত ১,২২,১২৮জন ভোটাৰে জনপ্ৰতিনিধি নিৰ্বাচন কৰিব। ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত যোৰহাট জিলাৰ এই পাঁচটা সমষ্টিত মুঠ ভোটাৰ আছিল ৭,২২,১৩১জন। অৰ্থাৎ শেহতীয়া নিৰ্বাচনটোৰ পিছত বৰ্তমান এই পাঁচটা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পালে ৩৪,৭২৫গৰাকী।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত যোৰহাট জিলাৰ এই পাঁচটা সমষ্টিত মুঠ ভোটদানৰ হাৰ আছিল ৮২.৪২%। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল দেৰগাঁও সমষ্টিত ৮২.৩৬%, যোৰহাটত ৭৯.৮৪%, তিতাবৰত ৮৩,৭৩%, মৰিয়নীত ৮৫.০৭% আৰু টীয়কত ৮১.০৮%। ইয়াৰ বিপৰীতে ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত যোৰহাট জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ভোটদানৰ হাৰ আছিল ৭৪.৯৪%। বিধানসভা সমষ্টি অনুসৰি ভোটদানৰ হাৰ আছিল দেৰগাঁৱত ৭৩.৬০%, যোৰহাটত ৭২.৫৬%, তিতাবৰত ৭৬.৬৪%, মৰিয়নীত ৭৮.৫৩% আৰু টীয়ক বিধানসভা সমষ্টিত ৭৩.৩৫%। বিগত দুটা নিৰ্বাচনৰ তথ্য অনুসৰি ভোটদানৰ সৰ্বাধিক হাৰ মৰিয়নী বিধানসভা সমষ্টিত আৰু পাঁচটা সমষ্টিৰ ভিতৰত আটাইতকৈ কম ভোটদান হৈছে যোৰহাট বিধানসভা সমষ্টিত।
Published by:Sanjay Kumar Das
First published: