'কংগ্ৰেছতকৈও দলীয় কৰ্মীয়েহে আমাক ক্ষতি কৰিলে'- বিজেপিৰ ৰাজ্যিক সভাপতিলৈ গোপনপত্ৰ যোৰহাটৰ বিজেপি প্ৰাৰ্থী হিতেন গোস্বামীৰ

News18 Assam | News18-Assam
Updated:April 30, 2021, 7:50 PM IST
'কংগ্ৰেছতকৈও দলীয় কৰ্মীয়েহে আমাক ক্ষতি কৰিলে'- বিজেপিৰ ৰাজ্যিক সভাপতিলৈ গোপনপত্ৰ যোৰহাটৰ বিজেপি প্ৰাৰ্থী হিতেন গোস্বামীৰ
অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশিত EXIT POLLৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশিত EXIT POLLৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

  • Share this:
অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশিত EXIT POLLৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। EXIT POLLকলৈ সন্তুষ্টি ব্যক্ত কৰিছে জ্যেষ্ঠ ৰাজনীতিক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। এইবাৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁট জয়ী হোৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহৰ বাবেই যোৰহাটত বিজেপি জয়ী হোৱাটো নিশ্চিত বুলি মত ব্যক্ত কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে ।

আনহাতে নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয় ইতিমধ্যে হৈ যোৱা নিৰ্বাচনত একাংশ নেতা-কৰ্মীৰ কাণ্ড সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ সভাপতিলৈ এখন গোপন পত্ৰ প্ৰেৰণ কৰিছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এই পত্ৰখনে বিজেপিৰ ভিতৰচৰাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাটো নিশ্চিত ।

কিন্তু কি আছে এই পত্ৰখনত?

এইবাৰ নিৰ্বাচনত যোৰহাটত কংগ্ৰেছ দলতকৈ একাংশ বিজেপি নেতা-কৰ্মীয়েহে দলটোক বিশেষ ক্ষতি কৰিলে বুলি পত্ৰখনত বিস্ফোৰক অভিযোগ তুলিছে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। ভৱিষ্যতে দলটোৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত এই পত্ৰ যোগে বিজেপিৰ শীৰ্ষ নেতৃত্বক অৱগত কৰিছে বুলি নিউজ18ৰ এক প্ৰশ্নত এনেদৰে জানিবলৈ দিয়ে হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

" মই এই সন্দৰ্ভত বিশেষ কোনো কথা বৰ্তমান কব নিবিচাৰো । কিন্তু এইটো কথা হয় যে, হৈ যোৱা নিৰ্বাচনত যোৰহাটত আমি কংগ্ৰেছতকৈয়ো বিজেপিৰ একাংশ নেতা-কৰ্মীৰ পৰাহে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় । এয়া দলটোৰ বাবে ভাল কথা নহয়। ", বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয় ।

এই পত্ৰখনৰ সন্দৰ্ভত গোপনীয়তা অৱলম্বন কৰিলেও নিৰ্বাচনৰ ফলাফলৰ পিছতে এই ঘটনাই বিজেপিৰ ভিতৰচঁৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । কাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপি দলৰ মজিয়াত এই ঘটনাসমূহ গুৰুত্ব সহকাৰে চৰ্চা হোৱাটো নিশ্চিত।
Published by: Himangshu Bhuyan
First published: April 30, 2021, 7:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি