বহুত প্ৰতীক্ষা তথা জল্পনা-কল্পনাৰ অন্তত ঘোষণা হ’ল কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা৷ ৩৬নং দুধনৈ জনজাতি বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে টিকট দিলে কংগ্ৰেছ নেতা যাদৱ স্বৰ্গীয়াৰীক৷ নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থীজনৰ নাম ঘোষণাৰ পিছতে সমষ্টিটোত কংগ্ৰেছ কৰ্মী–সমৰ্থকৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ–উল্লাহ৷
দুধনৈ (Dudhnoi) সমষ্টিটো এইবাৰ কংগ্ৰেছে দখল কৰাৰ হুংকাৰ ইতিমধ্যে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (Rakibul Hissain) আৰু গৌৰৱ গগৈ (Gaurav Gogoi)য়ে দিছিল। আনহাতে বিজেপিৰ বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভা (Dipak Kumar Rabha)ৰ টিকট কৰ্তন কৰি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে শ্যামজিৎ ৰাভা (Shyamjit Rabha)ক প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ তাক লৈ সমষ্টিটোত দুটা ভাগত বিভক্ত হৈছে বিজেপি দলৰ নেতা–কৰ্মী তথা সমৰ্থক৷
শেহতীয়াকৈ খবৰ পোৱা অনুসৰি, নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে বিধায়ক দীপক কুমাৰ ৰাভাই৷ তেনেক্ষেত্ৰত বিজেপিৰ ভোট বিভাজন হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে৷ যাৰ বাবে অধিক উৎসাহী হৈ উঠিছে কংগ্ৰেছৰ কৰ্মী–সমৰ্থকসকল৷
আনহাতে ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দীপক কুমাৰ ৰাভাই যদি দলীয় বুজনি নামানি মনোনয়ন পত্ৰ জমা দি নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেন্তে দুধনৈত এইবেলি তিনি কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই অধিক৷ বিজেপিৰ শ্যামজিৎ ৰাভা, কংগ্ৰেছৰ যাদৱ স্বৰ্গীয়াৰী আৰু দীপক কুমাৰ ৰাভা, কাৰো বাবে কিন্তু মসৃন নহ’ব ২০২১ৰ নিৰ্বাচনৰ পথ৷
উল্লেখ্য যে এইবেলি দুধনৈ বিধানসভা সমষ্টিত ২,০৬,১৯৮ গৰাকী ভোটাৰে প্ৰাৰ্থীক নিৰ্বাচিত কৰিব। এই ২,০৬,১৯৮ গৰাকী ভোটাৰে কোনগৰাকী প্ৰাৰ্থীক বিজয়ী কৰি দিছপুৰলৈ পঠিয়াই দিয়ে সেয়া ২ মে'ত হে জানিব পৰা যাব। বিজেপি আৰু কংগ্ৰেছ দুয়োটা ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীয়ে দুধনৈ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব , ইয়াৰ বিপৰীতে কিন্তু অসম জাতীয় পৰিষদৰ লগতে ৰাইজৰ দলেও দুধনৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাটো এক প্ৰকাৰ থিৰাং হৈ পৰিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|