আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। পুৱাই ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত হ’ব নিৰ্বাচন।
নিৰ্বাচন আয়োগে জানিবলৈ দিছে যে, এইবাৰ ভোটাৰ কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব। কিন্তু ইয়াৰ পৰিৱৰ্তে আপুনি ভোটকেন্দ্ৰত উপস্থিত থকা বিষযাক দেখাব লাগিব অন্য পৰিচয় পত্ৰ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 27, 2021, 07:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।