AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভে হিমন্তৰ বিৰুদ্ধে থকা চীটফাণ্ডৰ গোচৰ আৰু মানবেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ গোচৰৰ ফাইল পুনৰ খোলাৰ ভাবুকি দিলে ৷
AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভে হিমন্তৰ বিৰুদ্ধে থকা চীটফাণ্ডৰ গোচৰ আৰু মানবেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ গোচৰৰ ফাইল পুনৰ খোলাৰ ভাবুকি দিলে ৷
প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত কৰা কেতবোৰ বিৰ্তকিত মন্তব্যৰ উত্তৰ দিবলৈ গৈ AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভে হিমন্তৰ বিৰুদ্ধে থকা চীটফাণ্ডৰ গোচৰ আৰু মানবেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ গোচৰৰ ফাইল পুনৰ খোলাৰ ভাবুকি দিলে ৷
নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাই একালৰ ঘনিষ্ঠ হাগ্ৰামা মহিলাৰীক NIAৰ জৰিয়তে জে'ললৈ পঠিয়াব বুলি ভীতিপ্ৰদৰ্শন কৰিছিল ৷ এই বিষয়কলৈ কংগ্ৰেছে নিৰ্বাচন আয়োগৰ কাষ চপাত ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মালৈ ৷
এনেসময়তে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভে দিলে আন এক ভাবুকি ৷ ভাবুকি নহয় বুলি ভাবুকিয়েই দিলে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ গৌৰৱ বল্লভে ক'লে- “কংগ্ৰেছে চৰকাৰ গঠন কৰিলে হিমন্তৰ চীটফাণ্ডৰ গোচৰ আৰু মানবেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ গোচৰৰ ফাইল পুনৰ খুলিব ৷”
AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভৰ এই ঘোষণাৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰীয়ে ক'লে- "BJPএ পুনৰ চৰকাৰ গঠন কৰিলে ৩৭০(ক), ২৪৭(ক) অনুচ্ছেদক বিলুপ্ত কৰিব আৰু অসমবাসীৰ সাংবিধানিক অধিকাৰক খৰ্ব কৰিব ৷”
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰীয়ে লগতে ক'লে- “BJPএ সদায়ে হিন্দু-মুছলমানৰ কথা কৈ সমাজত বিভাজন আনে আৰু নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ চেষ্টা কৰে ৷”
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|