• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: বিধায়ক ৰমাকান্ত দেউৰী পুৰুষ নে মহিলা নাজানে অমিত শ্বাহে!  জাগীৰোডৰ ৰাজহুৱা সভাত ৰমাকান্ত দেউৰীক সম্বোধন কৰিলে  'শ্ৰীমতী ৰমা দেউৰী'

Assam-Assembly: বিধায়ক ৰমাকান্ত দেউৰী পুৰুষ নে মহিলা নাজানে অমিত শ্বাহে!  জাগীৰোডৰ ৰাজহুৱা সভাত ৰমাকান্ত দেউৰীক সম্বোধন কৰিলে  'শ্ৰীমতী ৰমা দেউৰী'

 ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "অসমলৈ পৰ্যটনৰ বাবে অহা ৰাহুল বাবাই কয়, বদৰুদ্দিন আজমল অসমৰ পৰিচয়।"

ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "অসমলৈ পৰ্যটনৰ বাবে অহা ৰাহুল বাবাই কয়, বদৰুদ্দিন আজমল অসমৰ পৰিচয়।"

ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "অসমলৈ পৰ্যটনৰ বাবে অহা ৰাহুল বাবাই কয়, বদৰুদ্দিন আজমল অসমৰ পৰিচয়।"

  • Share this:
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক মহিলা বুলিহে জানে গৃহমন্ত্ৰী অমিত শ্বাহে। সেয়েহে আজি  জাগীৰোড সমষ্টিৰ নেলীত আয়োজিত বিশাল জনসভাত ৰমাকান্ত দেউৰীক শ্ৰীমতী ৰমাকান্ত দেউৰী বুলি সম্বোধন কৰে। আনহাতে ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "অসমলৈ পৰ্যটনৰ বাবে অহা ৰাহুল বাবাই কয়, বদৰুদ্দিন আজমল অসমৰ পৰিচয়।" গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয়, "হু ইজ বদৰুদ্দিন বুলি কোৱা স্বৰ্গীয় তৰুণ গগৈক কংগ্ৰেছ দলে আজমলৰ সৈতে মিত্ৰতা কৰি দিছে। এইখন অসমত শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা সত্ৰৰ ভূমি বেদখল কৰা আজমল বাহিনীক ক্ষমতাত অধিষ্ঠিত কৰাবলৈ কংগ্ৰেছ উঠিপৰি লাগিছে। আমাক আৰু ৫বছৰ সময় দিয়ক বদৰুদ্দিনৰ সেনাক সমুলঞ্চে ধ্বংস কৰিম।"

আনহাতে কংগ্ৰেছৰ দিনত অসমত বহু অসমীয়া যুৱকক আন্দোলনৰ নামত গুলীয়াই হত্যা কৰা হ'ল বুলিও মন্তব্য কৰি তেওঁ কয়, "কংগ্ৰেছৰ দিনত অসমত সন্ত্ৰাসবাদৰ ৰাজত্ব চলিছিল। কিন্তু এতিয়া সকলোৱে অস্ত্ৰ সম্বৰণ কৰি মুলসূতিলৈ ঘূৰি আহিছে।"

আনহাতে কংগ্ৰেছৰ দিনত অসমত হোৱা অবাধ গঁড় হত্যাৰ অন্তৰালত বাংলাদেশী অনুপ্ৰৱেশকাৰী জড়িত আছিল বুলিও মন্তব্য কৰে অমিত শ্বাহে। ইফালে  ক'ভিদৰ সময়ত লোৱা পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই অমিত শ্বাহে।
Published by:Himangshu Bhuyan
First published: