• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: 'চাচা-মামা'ৰ সমষ্টিত ভোট বিচাৰি নাযাও'-স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Assam-Assembly: 'চাচা-মামা'ৰ সমষ্টিত ভোট বিচাৰি নাযাও'-স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলগীয়া স্থান নিৰ্ণয় কৰিছে

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলগীয়া স্থান নিৰ্ণয় কৰিছে

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলগীয়া স্থান নিৰ্ণয় কৰিছে

  • Share this:
'চাচা মামাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে টিকট দিব পাৰে ৷ কিন্তু তেওঁলোকৰ সমষ্টিত ভোট বিচাৰি নাযাও ৷'- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আগমুহূৰ্তত স্পষ্ট কৰি দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলগীয়া স্থান নিৰ্ণয় কৰিছে ৷ কেৱল জয়ৰ সম্ভৱনা থকা সমষ্টিসমূহতহে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইফালে এতিয়ালৈকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে, আটাইবোৰতে বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে।

মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে, 'য'ত প্ৰাৰ্থী জয় হ'ব তাতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে। জয়ৰ সম্ভাৱনা নথকা সমষ্টিত মিছাতে প্ৰচাৰ চলোৱা নাই। প্ৰথম পৰ্যায়ত কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত দুটা এটা সমষ্টিত প্ৰচাৰ চলোৱা নাই।' ইফালে বৰাক উপত্যকাত মন্ত্ৰী হিমন্তই প্ৰচাৰ চলাবই বুলি উল্লেখ কৰে। আনহাতে কাইলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত  বিজেপিয়ে ৪২ খন আসন লাভ কৰিব বুলিও দাবী কৰে মন্ত্ৰী হিমন্তই ৷
Published by:Himangshu Bhuyan
First published: