মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Assembly: নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত বিস্ফোৰণ ঘটালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Assam-Assembly: নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত বিস্ফোৰণ ঘটালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:April 3, 2021, 10:57 AM IST
Assam-Assembly: নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত বিস্ফোৰণ ঘটালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
হিমন্ত বিশ্ব শৰ্মা ৪৮ ঘণ্টাৰ কাৰণে ৰাজনৈতিক ভাবে নিষিদ্ধ হ’ল। নির্বাচন আয়োগে  নিৰ্বাচনী প্রচাৰত নিষেধাজ্ঞা আৰোপ কৰিলে। কিন্তু আয়োগৰ কাৰণ দৰ্শোৱা  পত্ৰৰ প্ৰত্যুত্তৰ কেনেদৰে দিছিল শৰ্মাই? 

হিমন্ত বিশ্ব শৰ্মা ৪৮ ঘণ্টাৰ কাৰণে ৰাজনৈতিক ভাবে নিষিদ্ধ হ’ল। নির্বাচন আয়োগে  নিৰ্বাচনী প্রচাৰত নিষেধাজ্ঞা আৰোপ কৰিলে। কিন্তু আয়োগৰ কাৰণ দৰ্শোৱা  পত্ৰৰ প্ৰত্যুত্তৰ কেনেদৰে দিছিল শৰ্মাই? 

  • Share this:
হিমন্ত বিশ্ব শৰ্মা ৪৮ ঘণ্টাৰ কাৰণে ৰাজনৈতিক ভাবে নিষিদ্ধ হ’ল। নির্বাচন আয়োগে  নিৰ্বাচনী প্রচাৰত নিষেধাজ্ঞা আৰোপ কৰিলে। কিন্তু আয়োগৰ কাৰণ দৰ্শোৱা  পত্ৰৰ প্ৰত্যুত্তৰ কেনেদৰে দিছিল শৰ্মাই?  পত্ৰখন অসমীয়া ভাষাত সংক্ষেপ ৰূপত আগবঢ়োৱা হ’লঃ

• মই (পত্ৰ স্বাক্ষৰকাৰী) অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিচাপে আৰু বড়োলেণ্ডৰ শান্তি প্ৰক্ৰিয়াত প্ৰত্যক্ষ ভাৱে জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এইকেইটা কথাত ভাৰতীয় নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো।

• গোসাঁইগাঁও থানাৰ অন্তৰ্গত চৰাইবিল সীমান্ত চকীত মহেশ্বৰ বৰ্মন নামৰ এজন লোকে ফেব্ৰুৱাৰীৰ ২ তাৰিখে এখন এজাহাৰ দাখিল কৰিছিল। এক গোপন সূত্ৰৰ ভিত্তিত  এই এজাহাৰ দাখিল হৈছিল আৰু পৰ্যায়ক্ৰমে আৰক্ষীয়ে অভিযান চলাই এখন গাড়ীত মাৰণাস্ত্ৰ সহ ৬জন লোকক কৰায়ত্ত কৰিছিল। এই সন্দৰ্ভত এখন FIR ৰুজু হ’ল ।

• তদন্তৰ পিছত ওলাই পৰিল এই মাৰণাস্ত্ৰ এটা নতুন সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিবলৈ জংঘললৈ নিয়াৰ পৰিকল্পনা আছিল।

• পুনৰ তদন্তৰ পিছত পোহৰলৈ আহিল যে ২০২১চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমত হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এই সন্ত্ৰাসবাদী সংগঠনটো জন্ম দিয়া হৈছে।

• তাৰ পিছত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকে ১০ ফেব্ৰুৱাৰী তাৰিখে আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যোগেদি ঘটনাৰ  তদন্তৰ দায়িত্ব NIAক দিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।

• NIAৰ তদন্ত বিচৰাৰ এটা অন্যতম কাৰণ হৈছে মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ এটা ৰাজনৈতিক দলৰে সম্পৰ্ক আছে যিটো ২০০২চনৰ পূৰ্বে এটা উগ্ৰপন্থী সংগঠন আছিল।

• তাৰ পিছত IG (Law and order)-এ NIAৰ তদন্ত বিচাৰি অসম চৰকাৰলৈ ফেব্ৰুৱাৰীৰ ২৫ তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰিলে।

• ইয়াৰ পৰিপ্ৰেক্ষিততে এই পত্ৰৰ স্বাক্ষৰকাৰী (হিমন্ত বিশ্ব শৰ্মা) জ্ঞাত হ’ল যে, তদন্তই হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ ৰাজনৈতিক দলৰ গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ লগত সম্পৰ্ক থকাৰ ইংগিত বহন কৰিছে।

• অভিযোগ পত্ৰত সংলগ্ন কৰা বাতৰিৰ ক্লীপিংটো ভুল বাখ্যা (Distorted) ।

• বাতৰিটোত কোৱা হৈছে “বাথাৰ উগ্ৰপন্থাক উদগনি যোগোৱাৰ কাৰণে হাগ্ৰামা জে'ললৈ যাব : হিমন্ত ।

• কিন্তু এই পত্ৰৰ স্বাক্ষৰকাৰীক যেতিয়া এজন সাংবাদিকে প্ৰশ্ন কৰিছিল যে, তেওঁ হাগ্ৰামা মহিলাৰীক জে'ললৈ প্ৰেৰণ কৰিব নেকি?  তেতিয়া স্বাক্ষৰকাৰীৰ উত্তৰটো আছিল যদি হাগ্ৰামা বাথাৰ লগত উগ্ৰপন্থীৰ কাৰ্যকলাপত লিপ্ত হয় আৰু বাথাক উদগনি দিয়ে তেন্তে হাগ্ৰামা জে'ললৈ যাব। NIA প্ৰসংগত এই পত্ৰৰ স্বাক্ষৰকাৰীয়ে কৈছিল কোকৰাঝাৰত গাড়ীত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত NIA কৰিব।

• হাগ্ৰামাই হওক বা আন কোনোবাই হওক বড়োলেণ্ড অস্থিৰ কৰিবলৈ দিয়া নহ’ব।

• সাংবাদিকে সুধিছিল হাগ্ৰামা বড়োলেণ্ডৰ শান্তি শৃংখলা ভংগ কৰাত জড়িত নেকি? তেতিয়া এই পত্ৰ স্বাক্ষৰকাৰীয়ে কৈছিল যদি কোনো ব্যক্তি অবৈধ তথা দেশদ্ৰোহী কাৰ্যত জড়িত হৈ থাকে বা উদগনি যোগায় তেওঁ জে'ল যোৱাৰ বাদে গত্যন্তৰ নাই।

• স্বাক্ষৰকাৰীৰ এই মন্তব্যৰ সৈতে নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই । নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই হৈ যোৱা ঘটনাৱলী সন্দৰ্ভতহে স্বাক্ষৰকাৰীয়ে মন্তব্য ৰাখিছিল ।

• এটা সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত NIA তদন্তৰ কথা আৰু দেশৰ সাৰ্বভৌমত্ব তথা শান্তি শৃংখলাৰ উদ্ধৃতি দি কৰা মন্তব্যক কোনো কল্পনাৰে নিৰ্বাচন সময়ছোৱাৰ আইন উলংঘা কৰা বুলি ক’ব নোৱাৰি – সেয়া লাগিলে আচৰণ বিধিয়েই হওক, Representation of Peoples Actয়েই হওক বা IPCয়েই হওক ।

• অন্যহাতেদি কংগ্ৰেছ পাৰ্টীৰ স্বাক্ষৰকাৰীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ অধিকাৰ (Locus Standi); মন্তব্যৰ পৰা প্ৰভাৱিত হোৱা হাগ্ৰামা মহিলাৰীয়ে এতিয়ালৈ কোনো অভিযোগ দিয়া নাই।

• স্বাক্ষৰকাৰীয়ে অভিযোগ দিয়া কংগ্ৰেছৰ বিষয়ে সেই বক্তব্যত কোনো কথা উল্লেখ কৰা নাই।  গতিকে কংগ্ৰেছ ক্ষোভিত হোৱাৰ কোনো কাৰণ নাই ।

• স্বাক্ষৰকাৰীয়ে NIAক অপব্যৱহাৰৰ কৰি হাগ্ৰামাক জে'ললৈ প্ৰেৰণ কৰাৰ অভিযোগ খণ্ডন কৰিছে ।

• হাগ্ৰামা মহিলাৰী এই নিৰ্বাচনৰ প্ৰাৰ্থীও নহয় তথা স্বাক্ষৰকাৰীৰ প্ৰতিদ্বন্দিও নহয় । সেই মন্তব্য হাগ্ৰামাৰ বাথাৰ সৈতে থাকিব পৰা সম্পর্কৰ ওপৰত আছিল আৰু ইয়াৰ নিৰ্বাচনৰ সৈতে  একো সম্পৰ্ক নাই ।

• সেই সকলোবোৰলৈ চাই পত্ৰ স্বাক্ষৰকাৰীৰ বিৰুদ্ধে অনা অভিযোগ সমূহ পৰিহাৰ কৰিব লাগে আৰু কংগ্ৰেছৰ আবেদন নাকচ কৰিব লাগে।
Published by: Himangshu Bhuyan
First published: April 3, 2021, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি