‘‘এতিয়াৰে পৰা ৰঙাপৰা সমষ্টিৰ উন্নয়নৰ দায়িত্ব মোৰ"৷ - এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰঙাপৰাৰ পৰা বিজেপি জয়ী হ’লে ৰঙাপৰাত এখন BSC নাৰ্ছিং আৰু এখন GNM নাৰ্ছিং স্কুল দিব হিমন্ত বিশ্ব শৰ্মাই৷ লগতে ৰঙাপৰাত এখন ইঞ্জিনিয়াৰিং কলেজ খোলা হ’ব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ। বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ।
মুঠতে বিজেপিক ভোট দিয়ক, সকলে কৰিব হিমন্ত বিশ্ব শৰ্মাই৷ বাগিচাৰ লৰা–ছোৱালী কলেজলৈ গ’লে পাব দৈনিক ১০০ টকা। অৰূণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ৷ বাগিচা শ্ৰমিকক বছৰি ২০০০ টকাৰ দিয়াৰ উপৰি প্ৰতিমাহে ১০০০ টকাকৈ দিয়া হ’ব বুলি কয় হিমন্ত বিশ্বই৷
ৰঙাপৰা সমষ্টিৰ বাগিচাৰ ভোটাৰৰ মন জয় কৰাৰ নতুন কৌশল হিমন্ত বিশ্ব শৰ্মাৰ৷ এইবাৰ ডিগ্ৰী আৰু পিজি পাছ কৰা ছোৱালীক দিব স্কুটী৷ পিছে ল’ৰাক বুলেট দিয়াৰ প্ৰসংগত হিমন্ত বিশ্বৰ চৰ্ত, "বুলেট দিম কিন্ত ভণ্টি আৰু মাতৃহে উঠাবি, সেইবিধ উঠাব নোৱাৰিবি৷’’
কংগ্ৰেছৰ ৫ গেৰাণ্টিক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় - ‘‘আমি গেৰাণ্টি নিদিওঁ কাৰণ গেৰাণ্টি দোকানীয়েহে দিয়ে৷ আমাৰ চৰকাৰ আহিলে ২০২২ চনৰ মাৰ্চত ভিতৰত ১ লাখ নিবনুৱা যুৱকক চাকৰি দিম৷’’
‘‘কংগ্ৰেছে মিত্ৰতা কৰা আজমল বাবাই মহিলা সকলক সন্তান দিয়া মেচিন বুলি ভাৱে৷ আজমল শাসনলৈ আহিলে মাদ্ৰাছা খোলাৰ কথা চিন্তা কৰে আমি মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ খোলাৰ কথা চিন্তা কৰো।’’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
মন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকা ৰঙাপৰা সমষ্টিৰ বিধায়ক হৈ থকা সময়ত ৰঙাপৰা সমষ্টিৰ কিমান উন্নয়ন কৰিলে বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্বই। সমষ্টিৰ উন্নয়ন নহ’ল ৷ অভিজিৎ হাজৰিকাই কেৱল মদৰ দোকানহে খুুলিলে কিন্তু সমষ্টিৰ উন্নয়ন নকৰিলে৷ কিন্তু পল্লৱ লোচন দাসে ৰঙাপৰা সমষ্টিৰ উন্নয়নৰ হ’কে কেৱল কাম কৰিলে৷ ৫টা উন্নত সমষ্টিৰ ভিতৰত নাম থাকিব ৰঙাপৰা সমষ্টিৰ।
ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচা পৰা এক বিশাল মটৰ চাইকেল ৰেলী কৰি ৰঙাপৰা চহৰৰ মাজেৰে আদৰি অনা হয় হিমন্ত বিশ্ব শৰ্মাক ৷ ইয়াৰ পিছতে ৰঙাপৰাৰ বৰজুলিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বটদ্ৰৱাৰ কংগ্ৰেছী প্ৰাৰ্থী শিৱামণি বৰাৰ বিৰুদ্ধে অসমৰ ৰাইজক কেচ দিবৰ বাবে আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|