• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: 'HSত দ্বিতীয় বিভাগত উত্তীৰ্ণ এইসকল ছাত্ৰীয়েও লাভ কৰিব স্কুটী'- মহিলাসকললৈ মাহে ৩০০০ টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হিমন্তৰ

Assam-Assembly: 'HSত দ্বিতীয় বিভাগত উত্তীৰ্ণ এইসকল ছাত্ৰীয়েও লাভ কৰিব স্কুটী'- মহিলাসকললৈ মাহে ৩০০০ টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হিমন্তৰ

লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

  • Share this:
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিত জোৰদাৰ গতিত চলাইছে প্ৰচাৰ অভিযান। দেওবাৰে লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে বহু প্ৰতিশ্ৰুতি।

উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰীকো প্ৰদান কৰা হ'ব স্কুটী। পিছে কেবল চাহ বাগিচা অধ্যুষিত এলেকাৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰীয়েহে লাভ কৰিব স্কুটী। সেইদৰে ছাত্ৰক প্ৰদান কৰিব বুলেট অথবা মটৰ চাইকেল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'ৰঙা ৰঙৰ নে ক'লা ৰঙৰ স্কুটী লাগিব, সেই বিষয়েও সোধে সভাত উপস্থিত থকা যুৱকসকলক। আনহাতে  চৰকাৰ গঠন কৰিব পাৰিলে স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্ৰতিগৰাকী ছাত্ৰীকো স্কুটী প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইফালে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাকে সামৰি লোৱাৰ আশ্বাস দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, অৰুণোদয় আঁচনিৰ অধীনৰ ধনৰাশি ৮৩০ টকাৰ পৰিৱৰ্তে মাহিলী ৩০০০ টকালৈ বৃ্দ্ধি কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

হাজাৰ হাজাৰ লোক উপস্থিত থকা সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। কিন্তু লক্ষ্যণীয় ভাবে আজিৰ সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা নগ'ল  সভ্যতাৰ যুঁজৰ প্ৰসংগ!
Published by:Himangshu Bhuyan
First published: