হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আজমলক কথা ক’ব দিয়া নাছিল, যাতে উজনিত প্ৰভাৱ নপৰে। কিন্তু এতিয়া লাহে লাহে মুখ খুলিব আৰম্ভ কৰিছে।’’
হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আজমলক কথা ক’ব দিয়া নাছিল, যাতে উজনিত প্ৰভাৱ নপৰে। কিন্তু এতিয়া লাহে লাহে মুখ খুলিব আৰম্ভ কৰিছে।’’
‘‘বিধানসভা নিৰ্বাচনত BJP মিত্ৰজোঁট সফল হ’ব৷ তৃতীয় পৰ্যায়ত বিজেপিৰ সহযোগী দল সফল হ’ব৷’’ – এই দাবী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ। মহাজোঁটৰ তলা–চাবি আজমল (Badruddin Ajmal)ৰ হাততে আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আজমলক কথা ক’ব দিয়া নাছিল কংগ্ৰেছে। এতিয়া সকলো কেম্পেইন আজমলে নিজৰ হাতত নিছে৷ তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ হৈছে ৷’’
‘‘ৰিপুণ বৰা, হাগ্ৰামা মহিলাৰী, আজমল ভেল্যুলেছ পলিটিচিয়ান। এইবাৰ কংগ্ৰেছ (Congress) তৃতীয় স্থানত থাকিব। AIUDF দ্বিতীয় স্থানত থাকিব। এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰাৰ বাবে আসনৰ সংখ্যা কমিব কংগ্ৰেছৰ। মই আগতে কৈছিলো এইবাৰৰ কংগ্ৰেছৰ মহাজোঁটৰ তলা–চাবি আজমলৰ হাতত থাকিব।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আজমলক কথা ক’ব দিয়া নাছিল, যাতে উজনিত প্ৰভাৱ নপৰে। কিন্তু এতিয়া লাহে লাহে মুখ খুলিব আৰম্ভ কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ যঠেষ্ট ভাল হ’ব। আমি দ্বিতীয় পৰ্যায়ত গোটেইকেইখন আসন পাম। দ্বিতীয় পৰ্যায়ত বি টি এ ডিত চাৰিখন আসনৰ তিনিখন আসন বিজেপিয়ে পাব, এখন UPPL-এ পাব।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|