உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : ‘ৰূপজ্যোতিৰ ৰঙা চকুলৈ মই ভয় নকৰো, নাটকবাজি কৰি দিন পাৰ কৰিলে ৰূপজ্যোতিয়ে’ – মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

    Assam-Assembly : ‘ৰূপজ্যোতিৰ ৰঙা চকুলৈ মই ভয় নকৰো, নাটকবাজি কৰি দিন পাৰ কৰিলে ৰূপজ্যোতিয়ে’ – মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

    মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে মৰিয়নীৰ চেলেংহাটৰ হেমলাইত উপস্থিত হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ লয়।

    মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে মৰিয়নীৰ চেলেংহাটৰ হেমলাইত উপস্থিত হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ লয়।

    মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে মৰিয়নীৰ চেলেংহাটৰ হেমলাইত উপস্থিত হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ লয়।

    • Share this:
    একেৰাহে ১৫ বছৰ কাল মৰিয়নী (Mariani) সমষ্টিৰ বিধায়কৰূপে সমষ্টিটোত দপদপাই থকা ৰূপজ্যোতি কুৰ্মীক (Rupjyoti Kurmi) প্ৰত্যাহ্বান জনাই সোমবাৰে পুনৰ মৰিয়নীত নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই (Himanta Biswa Sarma)। বিয়লি ৫ বজাত মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে মৰিয়নীৰ চেলেংহাটৰ হেমলাইত উপস্থিত হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ লয়।

    বিশাল নিৰ্বাচনী সভাখনত মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ক্ষুৰধাৰ সমালোচনা কৰে। ৰূপজ্যোতিৰ ৰঙা চকুলৈ মই ভয় নকৰো বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত বিজেপিয়ে চৰকাৰ গঠন কৰাটো এশ শতাংশ নিশ্চিত। ইমানদিনে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিটোৰ উন্নয়ন কৰিব নোৱাৰি কেৱল নাটকবাজি কৰিয়ে দিন পাৰ কৰিলে। নিজৰ ব্যৰ্থতা ঢাকিবলৈকে কেতিয়াবা ৰাষ্টাত বহি, কেতিয়াবা থানাৰ মুখত বহি, কেতিয়াবা অদ্ভূদ নৃত্য নাচি মানুহৰ পৰা আচল কথাবোৰ লুকুৱাবলৈহে চেষ্টা কৰি আহিছে। কিন্তু মৰিয়নিবাসী জনতাৰ প্ৰতি বিজেপি চৰকাৰৰ দায়িত্ব আছে। ৰাজ্যখনৰ অন্যান্য সমষ্টি সমূহৰ দৰে বিজেপি চৰকাৰে মৰিয়নীতো বিকাশৰ গংগা বোৱাই আনিব খুজিছে, কিন্তু তাৰ কাৰণে মৰিয়নীৰ ৰাইজে এইবাৰ বিজেপিক ভোট দিব লাগিব।’’

    যিগৰাকী বিধায়কে অতদিনে বাগিচা অঞ্চলত বিদ্যালয় বনাব নোৱাৰিলে,বাগিচাৰ ৰাস্তা বনাব নোৱাৰিলে, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰিলে, সেইগৰাকী ৰূপজ্যোতি কুৰ্মীক এইবাৰ মৰিয়নীৰ জনতাই বিদায় দিব লাগিব বুলি সকলোকে আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই।

    কংগ্ৰেছ দলৰ ৫ গ্যেৰাণ্টী (Congress 5 Guarantee)ক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে গ্যেৰাণ্টী অকল দোকানীয়েহে দিয়ে, ৰাজনীতি কৰা মানুহে গ্যেৰাণ্টী নিদিয়ে। ৰাজনীতি কৰা মানুহে দায়িত্ব পালন কৰে, প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতি পূৰণৰ কথা ক'ব লাগে।

    কংগ্ৰেছ (Congress) দলে ৭০ বছৰে লুঙী, ধুতী আৰু সূতাৰ ৰাজনীতি কৰি থাকোতে ৰাজ্যৰ উন্নতিৰ কথা চিন্তা কৰিবলৈ সময়ে নাপালে বুলি তেওঁ আৰু কয় হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় সেই কাম কৰি দেখুৱায়। ২০২১ চনত বিজেপি চৰকাৰ আহিলে ২০২২ চনৰ মাৰ্চ মাহৰ আগতে ৰাজ্যৰ একলাখ নিবনুৱাক চৰকাৰী সংস্থাপন দিয়াৰ উপৰিও মহিলা সকলৰ অৰুণোদয় আঁচনিৰ অধীনত ৩০ লাখ মহিলাক মাহে তিনি হাজাৰকৈ টকা অনুদান দিয়া, চাহ শ্ৰমিকৰ মজুৰিৰ নামত চৰকাৰীভাৱে প্ৰতিজন শ্ৰমিকৰ একাউণ্টত এহাজাৰ টকাকৈ অনুদান দিয়া, স্বয়ম আঁচনিৰ অধীনত প্ৰতিবছৰে দুইলাখ গোটক দুইলাখ টকাকৈ অনুদান দিয়াৰ দৰে বহু অভিলাষী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

    কংগ্ৰেছ দলে সাম্প্ৰদায়িক ৰাজনীতিৰ পোষকতা কৰা বদৰুদ্দিন আজমল (Badruddin Ajmal)ৰ লগত লগ লাগি চৰকাৰ গঠন কৰিবলৈ উঠিপৰি লগাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমক এতিয়া ডাক্তৰৰ প্ৰয়োজন, অভিযন্তাৰ প্ৰয়োজন, বিজ্ঞানীৰ প্ৰয়োজন। আজমলে কংগ্ৰেছৰ লগ লাগি অসমত পুনৰ মাদ্ৰাছা খোলাৰ সপোন অসমবাসীয়ে সাৰ্থক হ'বলৈ নিদিয়ে।’’
    Published by:Sanjay Kumar Das
    First published: