ৰূপজ্যোতি কুৰ্মীৰ দুৰ্গ মৰিয়নী (Mariani) সমষ্টিত বুধবাৰে সন্ধিয়া বিজেপি প্ৰাৰ্থী ৰমণী তাঁতী (Ramani Tanti)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। মৰিয়নীৰ কাটনিবাৰী চাহ বাগিচাৰ পৰা মৰিয়নী নগৰৰ মাজেৰে পদযাত্ৰা কৰি সোণোৱাল চাহ বাগিচালৈকে নিৰ্বাচনী প্ৰচাৰ চলায় হিমন্ত বিশ্ব শৰ্মাই। মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰাত দহ সহস্ৰাধিক লোকে হিলদল ভাঙি অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰে মৰিয়নীত ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ ভেটি একপ্ৰকাৰ কঁপাই তুলিলে।
মৰিয়নীৰ তিনিটা কাৰ্যকালৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কৌশলপূৰ্ণ মন্তব্যৰে আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায়ে টিভিৰ আগত দুটা নাচ মাৰি চৰ্চাত থাকিবলৈ বিচাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰূপজ্যোতি কুৰ্মীৰ দৰে তেওঁলোকে ৰাজনীতি নকৰে। ৰূপজ্যোতিয়ে মৰিয়নীৰ য’তে–ত’তে বহি প্ৰতিবাদ কৰি থাকে। উদ্দেশ্য টিভিত ওলাই থকাটো। এনেদৰে য’তে–ত’তে মাটিত বহি থকা মানুহক নিৰ্বাচনতো বহাই থব লাগে বুলি ৰাইজক উদ্দেশ্যি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
"মৰিয়নী সমষ্টিটোক অসমৰ ৰাইজে এইবুলি চিনি পায় যে ইয়াত এজন চিঞৰ–বাখৰ কৰি থাকি ভাল পোৱা ––– বিধায়ক আছে। এই খালীঠাইত থকা শব্দটো মই কোৱা নাই। আপোনালোকে শব্দটো নিজে ভৰাই ল’ব। কিন্তু মৰিয়নীৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। তাৰ প্ৰমাণ আমাৰ লগত ৰাজপথলৈ ওলাই অহা এই হাজাৰ হাজাৰ লোক।", মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়।
বিধায়ক হিচাপে ৰূপজ্যোতি কুৰ্মীয়ে ব্যৱহাৰ কৰা কামৰ কৌশলেৰে সমষ্টিৰ উন্নয়ন নহয় বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই মৰিয়নীবাসী ৰাইজক কয় যে এইবাৰ মৰিয়নী সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হ’লে মৰিয়নী সমষ্টিৰ উন্নয়নৰ দায়িত্ব ল’ব তেওঁ নিজে। মৰিয়নীৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰতি দুমাহৰ অন্তত মৰিয়নীলৈ আহি উন্নয়নৰ কামৰ তদাৰক কৰিব বুলি মৰিয়নীবাসীক প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে মৰিয়নীত চলোৱা প্ৰচাৰে যে এইবাৰ ৰূপজ্যোতিৰ ভেটিত কঁপনি তুলিছে সেয়া নিশ্চিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|