মঙলদৈ (Mangaldoi)ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথমখন নিৰ্বাচনী সভা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ। মঙলদৈত বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী তথা বিধায়ক গুৰুজ্যোতি দাসৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মঙলদৈ সমষ্টিৰপ অন্তৰ্গত ডাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত সভাত মন্ত্ৰী ড০ শৰ্মাক সংগ দিলে সাংসদ দিলীপ শইকীয়াই। ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত বিজেপি মিত্ৰদলক ভোট দান কৰিবলৈ আহ্বান জনায়।
কংগ্ৰেছক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কংগ্ৰেছ চৰকাৰ বাংলাদেশত বনাব লাগিব। ধূতি, সুতা, লুঙী এইবিলাক আমি দোকানত কিনিব পাৰো, কিন্তু আমাৰ ল’ৰা–ছোৱালী শিক্ষিত হ’লে আমি নিজেই কিনি ল’ব পাৰিম৷’’
‘‘অৰুণোদয় আঁচনিৰ বাদ পৰি থকা মহিলাক আমি এইবাৰ দিম আৰু ৮০০ ঠাইত ৩০০০ হাজাৰকৈ দিম৷ এতিয়ালৈকে থকা বন্ধন বেংকৰ লোণ চৰকাৰৰ পৰা সকলোকে ঘূৰাই দিম৷ মহিলা আত্মসহায়ক গোটসমূহক প্ৰথমতে এক লাখ আৰু ২য় বাৰত ২ লাখকৈ দিম৷’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।২০২২ চনৰ আগত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ আশ্বাস মন্ত্ৰীগৰাকীৰ৷ জনসভাত মন্ত্ৰীগৰাকীয়ে ক’লে – আমাক চাকৰি দিয়াৰ বাবদ এটকাও দিব নালাগে, কিন্তু চাকৰি পোৱা সকলো ল’ৰা–ছোৱালীয়ে নিজৰ পিতৃ–মাতৃক চাব লাগিব। এই কলি যুগত মা–দেউতাই ভগৱান, গতিকে চাকৰি পোৱাৰ পিছত মাক–দেউতাকক চালে হ’ল৷পুনৰ বিজেপি চৰকাৰ হ’লে স্বয়ম আঁচনিত ১০ লাখ যুৱকক সামৰি লোৱা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ আনহাতে, ল’ৰাক বুলেট দিয়া সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বুলেট দিম, কিন্তু পিছত মাক–ভনীয়েককহে উঠাব লাগিব৷’’ স্কুল–কলেজত যোৱা ল’ৰা ছোৱালীক প্ৰত্যেক দিনৰ উপস্থিতি চাই ১০০ টকাকৈ দিয়া হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ কংগ্ৰেছে দিয়া পাঁচ গেৰাণ্টীক কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয়, "কংগ্ৰেছৰ নিজৰে গেৰাণ্টী নাই, ৰাইজক কি গেৰাণ্টি দিব৷ বিগত ৭০ বছৰে এটাও গেৰাণ্টী নিদিলে, এতিয়া চৰকাৰ নাই কাৰণে গেৰাণ্টি দি আছে। গেৰেণ্টি দিয়া বস্তু বেছি দিন নাযায়। কংগ্ৰেছ এতিয়া অচল ৫০০ টকীয়া নোট।’’Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|