உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly: 'মোক আজমলে বেয়া পায়, কিন্তু মই আজমল ডাঙৰীয়াক ভালপাও'- কলিয়াবৰত মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

    Assam-Assembly: 'মোক আজমলে বেয়া পায়, কিন্তু মই আজমল ডাঙৰীয়াক ভালপাও'- কলিয়াবৰত মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

    হিমন্তৰ প্ৰশ্ন, " কি ৰঙৰ বুলেট লাগিব ভাগিনহতক? ৰঙা নে নীলা? বুলেট দিম কিন্তু কলেজ যাবি।

    হিমন্তৰ প্ৰশ্ন, " কি ৰঙৰ বুলেট লাগিব ভাগিনহতক? ৰঙা নে নীলা? বুলেট দিম কিন্তু কলেজ যাবি।

    হিমন্তৰ প্ৰশ্ন, " কি ৰঙৰ বুলেট লাগিব ভাগিনহতক? ৰঙা নে নীলা? বুলেট দিম কিন্তু কলেজ যাবি।

    • Share this:
    "মই মুছলমানৰ ভালটো বিচাৰো সেয়ে মোক আজমল ডাঙৰীয়াই বেয়া পাই। মই মুছলমান ছোৱালীবোৰ ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটো বিচাৰো। কিন্তু আজমল ডাঙৰীয়াই সন্তান জন্ম দিয়া মেছিন বনাব বিচাৰে। সেয়ে মই  বেয়া। কিন্তু মই আজমল ডাঙৰীয়াক ভালপাও।"- কলিয়াবৰত কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

    কলিয়াবৰত জখলাবন্ধা ষ্টেডিয়ামৰ পৰা এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি হিমন্তৰ ভাষণত উঠিল প্ৰতিশ্ৰুতিৰ জোৱাৰ। কলিয়াবৰৰ হাতীমূৰা বানৰ ক্ষতিপূৰণ ৯ কোটিৰ পৰা ২৫কোটি, কলিয়াবৰত মেডিকেল কলেজ, সংস্থাপন আদি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি হিমন্তই ক'লে, এয়া নিৰ্বাচনী সভা নহয় এয়া বিজয় উৎসৱহে।

    আনহাতে আজমলক কটাক্ষ কৰি হিমন্তই কয়, "মই আৰু কেশৱ দাই টো সন্তান জন্ম দিব নোৱাৰো। সেয়ে সন্তান জন্ম দিয়াৰ বেদনা আমি বুজি নাপাও। সেয়া কেৱল মহিলা সকলেহে বুজি পায়। কিন্তু আজমল ডাঙৰীয়াই সেয়া কি বুজিব। তেওঁ মোক বেয়া পায় কাৰণ মই মাদ্ৰাছাৰ সলনি মুছলমানৰ বাবে মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজহে নিৰ্মাণ বিচাৰো।"

    ইপিনে বুলেটৰ প্ৰসংগ উল্লেখ কৰি হিমন্তৰ প্ৰশ্ন, " কি ৰঙৰ বুলেট লাগিব ভাগিনহতক? ৰঙা নে নীলা? বুলেট দিম কিন্তু কলেজ যাবি। কলেজৰ সলনি কলিয়াভোমোৰা দলং নাযাবি।"

    ইপিনে কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে ক্লাছত উপস্থিত থাকিলে ১০০টকাকৈ পাব বুলি মন্তব্য কৰি হিমন্তই কয়, " মাক-দেউতাকে আৰু ল'ৰা-ছোৱালীক হাত খৰচ দিব নালাগে। সেয়া এতিয়া আমাৰ দায়িত্ব।" হিমন্তই লগতে সকলো ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মক পিতৃ-মাতৃক শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে, "পিতৃ-মাতৃ ভগৱান স্বৰূপ। কেতিয়াও অৱজ্ঞা নকৰিবি।"
    Published by:Himangshu Bhuyan
    First published: