• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: ২০২২ৰ মাৰ্চৰ ভিতৰত ১ লাখ নিবনুৱালৈ চৰকাৰী চাকৰি, গোলাঘাটত মেডিকেল কলেজ স্থাপনৰো প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ

Assam-Assembly: ২০২২ৰ মাৰ্চৰ ভিতৰত ১ লাখ নিবনুৱালৈ চৰকাৰী চাকৰি, গোলাঘাটত মেডিকেল কলেজ স্থাপনৰো প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটত অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটত অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটত অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
আকৰ্ষণীয় হৈ পৰিছে গোলাঘাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী সমীকৰণ। বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী অজন্তা নেওগৰ দুৰ্গত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই। ফলত বুধবাৰে অজন্তা নেওগৰ ভেঁটি ৰক্ষা কৰিবলৈ গোলাঘাটলৈ আহে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাশিত ভাবেই বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'কংগ্ৰেছে চাকৰিৰ বজাৰ পাতিছিল । বিজেপি চৰকাৰৰ দিনত ঠেলাচালক, ৰিক্সা চালকৰ ল'ৰাইও ACS পাইছে। Covid ৰ সময়ছোৱাত বিজেপি চৰকাৰে মানুহক ৰক্ষা কৰিলে । এতিয়া Covid ক লৈ অসমত সিমান চিন্তা কৰিবলগীয়া নাই।'

ইফালে উপস্থিত জনতাক বহু প্ৰতিশ্ৰুতি প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব। ভৱিষ্যতে মাইক্ৰফাইনেন্সৰ ঋণ নল'ব। আজিলৈকে লোৱা ঋণ মই মাৰিম। বছৰি দুই লাখ লটৰাক স্বয়ম আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব।১ লাখ ল'ৰা-ছোৱালীক ২০২২ৰ মাৰ্চৰ ভিতৰত দিয়া হ'ব চৰকাৰী চাকৰি।'

আনহাতে দৈয়াং আৰু মেৰাপানীক মহকুমা ঘোষণা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে অজন্তা নেওগক কামৰ মানুহ বুলি অভিহিত কৰি আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব কৰাবলৈ আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published: