• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: '৩০ লাখ মহিলাৰ বাবে বিশেষ আঁচনি', কলেজীয়া ছাত্ৰ-ছাত্ৰীকো আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হিমন্তৰ

Assam-Assembly: '৩০ লাখ মহিলাৰ বাবে বিশেষ আঁচনি', কলেজীয়া ছাত্ৰ-ছাত্ৰীকো আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হিমন্তৰ

দেৰগাওঁ সমষ্টিৰ চকলাটিঙত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেৰগাওঁ সমষ্টিৰ চকলাটিঙত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেৰগাওঁ সমষ্টিৰ চকলাটিঙত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
দেৰগাওঁ সমষ্টিৰ চকলাটিঙত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোৰ অগপ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভৰালীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দিয়ে বহু প্ৰতিশ্ৰুতি।

২০২২ চনৰ মাৰ্চৰ ভিতৰত ১ লাখ লোকক চাকৰি দিয়াৰ লগতে ৰাজ্যৰ ৩০ লাখ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ আশ্বাস দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, 'বৰ্তমান ২২ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। শীঘ্ৰে এই সংখ্যা ৩০ লাখলৈ বৃদ্ধি কৰা হব। সেইদৰে  ৮৩০ টকাৰ পৰা পৰ্যায়ক্ৰমে বৃদ্ধি কৰি ৩  হাজাৰ টকা কৰা হ'ব।' আনহাতে মাইক্ৰফাইনেন্সৰ লোন মাফ কৰাৰ লগতে কলেজীয়া ছাত্ৰ-ছাত্ৰীকো দৈনিক ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী শৰ্মাই  বিজেপি আৰু অগপই এটা দলে আনটোক এৰি চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে অগপ আৰু বিজেপি ৰাম লক্ষ্মণৰ দৰে থাকি কংগ্ৰেছক পৰাভুত কৰিব লাগিব বুলিও উল্লেখ কৰে।

ইফালে কংগ্ৰেছ দলৰ ৫ গেৰাণ্টীক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰত্যাশিত ভাবে বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ মিত্ৰতাক আক্ৰমণৰ লক্ষ্য কৰি লয়। আনহাতে আৰ্গন্তুক নিৰ্বাচনত দেৰগাওঁ সমষ্টিৰ অগপৰ প্ৰাৰ্থী ভবেন ভৰালীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published: