• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: চামগুৰিত এইবাৰ কিয় বিজেপিৰহৈ প্ৰচাৰ নচলালে হিমন্তই?

Assam-Assembly: চামগুৰিত এইবাৰ কিয় বিজেপিৰহৈ প্ৰচাৰ নচলালে হিমন্তই?

চামগুৰিত এইবাৰ হিমন্তই ৰকিবুলৰ বিৰুদ্ধে প্ৰচাৰ অভিযান নচলোৱাক লৈ সকলোৰে বাবে এক অবুজ সাঁথৰ।

চামগুৰিত এইবাৰ হিমন্তই ৰকিবুলৰ বিৰুদ্ধে প্ৰচাৰ অভিযান নচলোৱাক লৈ সকলোৰে বাবে এক অবুজ সাঁথৰ।

চামগুৰিত এইবাৰ হিমন্তই ৰকিবুলৰ বিৰুদ্ধে প্ৰচাৰ অভিযান নচলোৱাক লৈ সকলোৰে বাবে এক অবুজ সাঁথৰ।

  • Share this:
২০১৬ৰ বিধানসভা নিৰ্বাচনত নাজিৰাত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলোৱা নাছিল নিৰ্বাচনী প্ৰচাৰ। অৱশ্যে সেই বিষয়ে তেওঁ ৰাজহুৱা ভাৱে সংবাদ মাধ্যমত জনাইছিল। হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত মুখ্যমন্ত্ৰী তথা তেওঁৰ ৰাজনৈতিক গুৰু হিতেশ্বৰ শইকীয়াৰ প্ৰতি সন্মান জনাই নাজিৰালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নাছিল। যাৰ বাবে সংবাদ মাধ্যম তথা ছচিয়েল মিডিয়াতো প্ৰশংসিত হৈছিল মন্ত্ৰীগৰাকী।

কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক ভূমিকাও সকলোকে সন্দিহান কৰি তুলিছে। সততে ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাই ইজনে-আনজনক কৰা তীক্ষ্ন বাক্যবাণে অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। বিগত নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰ আহিলে গঁড় হত্যা আৰু চামগুৰিত সংঘটিত ডকাইটিৰ বিচাৰ চামগুৰিত ৰাজহুৱা ভাবে কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল হিমন্তই। বিগত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ চামগুৰিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে হিমন্তৰ সভাত কংগ্ৰেছী সমৰ্থকে চলোৱা আক্ৰমণৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।

ৰকিবুল হুছেইনেও হিমন্তক বিশ্বাসঘাটক আখ্যা দি সমগ্ৰ অসমতে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেই সময়ত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা নাছিল যদিও চামগুৰিত আজমলে দূৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। হিমন্ত বিশ্বই সেই সময়ত শৰাইঘাটৰ ৰণৰ কথা উল্লেখ কৰি আজমল আৰু ৰকিবুলক প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সেনাপতি বুলিও মন্তব্য কৰিছিল।

বিজেপি চৰকাৰ ৰাজ্যত গঠন হোৱাৰ পিছত ৰকিবুল আৰু হিমন্তৰ বাকযুদ্ধ চলি থাকিল যদিও চামগুৰিত হিমন্তই কোনো ধৰণৰ সভা সমিতিত অংশ গ্ৰহণ নকৰিলে। অৱশ্যে লোকসভা নিৰ্বাচনত মণিমাধৱ মহন্তৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি এইবাৰ নিৰ্বাচনত ৰকিবুলৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত থাকিল হিমন্ত।

অহা কাইলৈ চামগুৰিত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব যদিও আজি পৰ্যন্ত হিমন্তই  ৰকিবুলৰ বিৰুদ্ধে এখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ নকৰিলে। কাইলৈয়ো চামগুৰিত হিমন্তৰ এখনো সভা নাই। অৱশ্যে এই সন্দৰ্ভত চামগুৰিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই News18ৰ আগত কয় যে, "হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে দলৰ বাবে। উজনিৰ পৰা নামনিলৈ দলটোক শক্তিশালী কৰাত তেঁও সবল ভূমিকা লৈছে। সেয়ে তেঁও চামগুৰিক এইবাৰ সময় দিব পৰা নাই। কিন্তু চামগুৰিত এতিয়া বিজেপি যথেষ্ট শক্তিশালী আৰু চামগুৰিৰ হিন্দু-মুছলমান সকলোৱে বিজেপিক ভোট দিব।"

কিন্তু চামগুৰিত এইবাৰ হিমন্তই ৰকিবুলৰ বিৰুদ্ধে প্ৰচাৰ অভিযান নচলোৱাক লৈ সকলোৰে বাবে এক অবুজ সাঁথৰ।
Published by:Himangshu Bhuyan
First published: