পুনৰ ৰূপজ্যোতি কুৰ্মীৰ দুৰ্গ স্বৰূপ মৰিয়নী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ২০ মাৰ্চত মৰিয়নী নগৰস্থিত বাপুজী ষ্টেডিয়ামত কংগ্ৰেছ প্ৰাৰ্থী তথা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব ৰাহুল গান্ধী। তাৰ পিছতে পুনৰ মৰিয়নী কঁপাবলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে বৃহস্পতিবাৰে মৰিয়নীত মন্ত্ৰীগৰাকীয়ে কৰা পদযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশলে খলকনি তুলিছে মৰিয়নী সমষ্টিত। সাধাৰণ ভোটাৰক আকৰ্ষণ কৰিব পৰাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আগত দাঙি ধৰিছে চৰকাৰৰ বিভিন্ন আঁচনিসমূহ। মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি জনোৱা মতে, অসমৰ ৪ লাখ লৰা-ছোৱালীয়ে শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্ত্তি কৰিছে। ৫৮ লাখ পৰিয়ালে বিনামূলীয়া চাউল পাইছে। ৰাজ্যৰ ৬৩ হাজাৰ কিলোমিটাৰ পথ পকীকৰণ কৰা হৈছে।
মহিলাসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজ্যৰ ২২ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে। পুনৰ চৰকাৰ হোৱাৰ পিছত এই আঁচনিয়ে ৩০ লাখ মহিলাক সামৰি লোৱাৰ লগতে এই আঁচনিৰ ধন 830 টকাৰ পৰা বৃদ্ধি কৰি পৰ্যায় ক্ৰমে ৩ হাজাৰ টকা কৰা হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, মাইক্ৰ’ফাইনেন্সৰ ঋণসমূহ চৰকাৰে পৰিশোধ কৰাৰ লগতে মহিলাসকলক বেংকৰ পৰা ঋণ লোৱাৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই ভাষণত উল্লেখ কৰে। আনহাতে, চৰকাৰ গঠন হ’লে মহিলা গোটসমূহক ১ লাখৰ পৰা ২ লাখ টকাকৈ দিয়া হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীৰ এনেবোৰ কথাই আকৃষ্ট কৰিছে মহিলাসকলক। আনহাতে বদৰুদ্দিন আজমলে বিভিন্ন ঠাইত অধিক সন্তান জন্ম দিবলৈ আহ্বান জনোৱা বক্তব্যৰ তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই কয় যে বদৰুদ্দিনৰ মতে মহিলাসকল হ’ল সন্তান জন্ম দিয়া একোটা মেচিন।
"আজমল বাবা আপোনাৰ পেটেৰে এটা সন্তান জন্ম দি উপলব্ধি কৰক এগৰাকী মহিলাই সন্তান জন্ম দিওঁতে কিমান কষ্ট সহ্য কৰিব লগা হয়। আজমলে মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি ভাবে। আজমলে মাদ্ৰাছা খোলাৰ কথা কয় আৰু আমি মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ খোলাৰ কথা চিন্তা কৰো।", মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱালৈও এটি আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, " পৰেশ বৰুৱাই চাহ শ্ৰমিকসকলক অসমীয়া বুলি ক’ব নিবিচাৰে। কিন্তু মই তেখেতক ক’ব বিচাৰো যে বিশ্বত অসমৰ পৰিচয় দাঙি ধৰা তথা পুৱাই আমি সকলোৱে সেৱন কৰি সতেজ অনুভৱ কৰা চাহকাপ কিন্তু সেইসকল শ্ৰমিকৰে পৰিশ্ৰমৰ ফচল।"
মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলক উদ্দেশ্যি কয় যে কংগ্ৰেছৰ দিনত ৯৬ টকা মজুৰি লাভ কৰা চাহ শ্ৰমিকসকলকৰ মজুৰি বিজেপি চৰকাৰৰ দিনত ২১৬ টকা হ’ল। অসমৰ চাহ বাগিচাসমূহত হাইস্কুল স্থাপন কৰা হৈছে আৰু দহখন বাগিচাৰ ভিতৰত এখন কলেজ স্থাপন কৰা হ’ব। চাহ বাগিচা অঞ্চলত থকা কলেজত ১০% আসন চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ থাকিব বুলি হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকসকলক উদ্দেশ্যি কয়। আনহাতে চাহবাগিচাসমূহৰ পথসমূহ পকী কৰাকে ধৰি চাহ শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়েও বক্তব্য ৰাখে হিমন্ত বিশ্ব শৰ্মাই।
এনেদৰেই মৰিয়নীৰ দৰে সমষ্টিসমূহক মুখ্য কৰি উজনি আৰু মধ্য অসমত মহিলা, চাহ শ্ৰমিক আৰু সাধাৰণ খাটি খোৱা লোকসকলক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। আৰু মন্ত্ৰীগৰাকীৰ বক্তব্যই আকৃষ্ট কৰিছে এইসকল লোকক। কাজেই একাংশ সমষ্টিত ৰাজনৈতিক দৃশ্যপট সলনি কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছে হিমন্ত বিশ্ব শৰ্মাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|