‘‘সমাগত নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। অসমীয়া সভ্যতা, সংস্কৃতি আৰু জাতিক জীয়াই ৰখাৰ নিৰ্বাচন। এই নিৰ্বাচনত প্ৰাৰ্থী নহয়, দল চাই ভোট দিব লাগিব। সেই দল BJP দল। যি দলৰ পিছফালে বদৰুদ্দিন আজমলৰ ফটো লুকাই আছে সেই দলক নস্যাৎ কৰি অসমবাসীয়ে ৰাজ্যত বিজেপি দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব।’’ – কংগ্ৰেছ (Congress) দলক ক্ষুৰধাৰ সমালোচনা কৰি আজি সোণাৰি (Sonari)ত নিৰ্বাচনী প্ৰচাৰ সভাত এই বক্তব্য ৰাখে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)।
১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ (Dharmeswar Konwar)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি দুপৰীয়া সোণাৰিত উপস্থিত হোৱা মন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত কয় যে, বদনে মান আনিছিল, এতিয়া কংগ্ৰেছে আজমলক আনিছে। কংগ্ৰেছ দলে এতিয়া আজমলৰ বোকোচাত উঠি চৰকাৰ বনোৱাৰ সপোন দেখিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে যি সময়ত BJP দলে ৰাজ্যৰ মহিলা সমাজক সন্মান প্ৰদৰ্শন কৰি নানা আঁচনিৰে মহিলাসকলক উপকৃত কৰাৰ লগতে কৃতী ছাত্ৰীসকলক স্কুটী দিয়াকে ধৰি নানা সা–সুবিধা আগবঢ়াই ডাক্তৰ ,ইঞ্জিনিয়াৰ সৃষ্টি কৰাৰ প্ৰয়াস চলাইছে, সেই সময়ত বদৰুদ্দিন আজমলে (Badruddin Ajmal) নিজ ধৰ্মৰ একোগৰাকী মহিলাক ১০–১২টাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। এনে আহ্বান জনাই আজমলে নাৰী জাতিক সন্তান জন্ম দিয়া একোটা মেচিন সজাব বিচাৰিছে। সেয়ে নাৰী জাতিক সন্মান দিব নজনা আজমলক অহা নিৰ্বাচনত অসমৰ জনতাই দিছপুৰৰ পৰা এশ কিলোমিটাৰ আঁতৰত ৰাখিব লাগিব বুলি কয় মন্ত্ৰী ড০ শৰ্মাই।
ড০ শৰ্মাই লগতে কয় যে, ৰাজ্যত বিজেপি দলৰ চৰকাৰ হ’লে বাগিচাত কৰ্মৰত শ্ৰমিকসকলক বাগিচাই প্ৰদান কৰা মজুৰিৰ ওপৰিঞ্চি প্ৰতিমাহে প্ৰতিগৰাকী শ্ৰমিকক এহেজাৰ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা নৱনীতা সন্দিকৈ, সোণাৰি সমষ্টিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰকে আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা দলৰ নেতা-কৰ্মীসকলসহ দহ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে হেলিকপ্টাৰযোগে দিনৰ প্ৰায় এক বজাত সোণাৰি ৰাজহুৱা খেলপথাৰত মন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰাৰ পিছত এক বিশাল সমদলত অংশগ্ৰহণ কৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা দলীয় নিৰ্বাচনী সভাত উপস্থিত হৈ বক্তব্য আগবঢ়ায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|