• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : ‘৭০ বছৰ শাসন কৰি এতিয়া কাম কৰাৰ গেৰাণ্টী দিয়ে কংগ্ৰেছে’ – ঢেকিয়াজুলিত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ, আজমলক লৈ কি ক’লে মন্ত্ৰীগৰাকীয়ে?

Assam-Assembly : ‘৭০ বছৰ শাসন কৰি এতিয়া কাম কৰাৰ গেৰাণ্টী দিয়ে কংগ্ৰেছে’ – ঢেকিয়াজুলিত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ, আজমলক লৈ কি ক’লে মন্ত্ৰীগৰাকীয়ে?

মন্ত্ৰী হিমন্ত বিশ্বই ভাষণত কংগ্ৰেছৰ গেৰাণ্টী আঁচনিকো তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছে এইবাৰ নিৰ্বাচনত গেৰাণ্টীৰ বজাৰ পাতিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷

মন্ত্ৰী হিমন্ত বিশ্বই ভাষণত কংগ্ৰেছৰ গেৰাণ্টী আঁচনিকো তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছে এইবাৰ নিৰ্বাচনত গেৰাণ্টীৰ বজাৰ পাতিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷

মন্ত্ৰী হিমন্ত বিশ্বই ভাষণত কংগ্ৰেছৰ গেৰাণ্টী আঁচনিকো তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছে এইবাৰ নিৰ্বাচনত গেৰাণ্টীৰ বজাৰ পাতিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷

  • Share this:
ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ৷ ঢেকিয়াজুলিত আজি  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী অশোক সিংঘালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বদৰুদ্দিন আজমললৈও নিক্ষেপ কৰিলে তীব্ৰ বাক্যবাণ।

ঢেকিয়াজুলিত বিজেপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী ড০ শৰ্মাই নিজৰ ভাষণত ৰাহুল গান্ধী আৰু আজমলক তীব্ৰ কটাক্ষ কৰি কয় - ‘‘কংগ্ৰেছৰ নিৰ্বাচনী বেনাৰ–পোষ্টাৰত প্ৰাৰ্থীসকলৰ ফটো আঁতৰাই দিলে পিছফালে দেখিব আজমলক৷ ৰাহুল গান্ধীয়ে কৈছে বদৰুদ্দিন আজমলক বেয়া কথা ক’ব নাপায়, তেওঁ অসমৰ সমন্বয়ৰ প্ৰতীক৷ যদি আজমল সমন্বয়ৰ প্ৰতীক তেনেহ’লে গুৰুজনা শংকৰদেৱ, গোপীনাথ বৰদলৈ, ড০ ভূপেন হাজৰিকা, তেওঁলোক কোন আছিল?’’

‘‘আজি ৰাহুল গান্ধীৰ মতে অসমৰ ভাগ্য নিৰ্মাতা আজমল৷ আজমলৰ কোলাত উঠি তেওঁলোকে চৰকাৰ গঠনৰ কৰা সপোন দেখিছে৷ বদৰুদ্দিন আজমলে কৈছে কংগ্ৰেছৰ চৰকাৰ আহিলে গোৰ মাৰি একেদিনাই মাদ্ৰাছা খুলিব৷ মেডিকেল কলেজ খুলিব লাগে নে মাদ্ৰাছা খুলিব লাগে? যিখন চৰকাৰ হ’লে প্ৰথম কেবিনেটত মাদ্ৰাছা খোলাৰ সিদ্ধান্ত ল’ব সেই চৰকাৰ আমি অসমত হ’বলৈ নিদিওঁ৷ মুছলমান যুৱকসকলক মই কওঁ, আপোনালোকক আমি ডক্টৰ, ইঞ্জিনিয়াৰ বনাব বিচাৰো আৰু আজমলে আপোনালোকক মৌলানা বনাব বিচাৰে৷’’ – ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজমলক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় – বদৰুদ্দিন আজমলে কৈছে তেওঁলোকৰ চৰকাৰ আহিলে যিমান পাৰে সন্তান জন্ম দিব পাৰে৷ মহিলাসকল সন্তান জন্ম দিয়া যন্ত্ৰ নেকি? আজমলক আমি খং নহয়, ঘৃণাহে কৰো৷’’

ইপিনে মন্ত্ৰী হিমন্ত বিশ্বই ভাষণত কংগ্ৰেছৰ গেৰাণ্টী আঁচনিকো তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছে এইবাৰ নিৰ্বাচনত গেৰাণ্টীৰ বজাৰ পাতিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ তেওঁ কয়, ‘‘৭০ বছৰ কংগ্ৰেছে শাসন কৰি এতিয়া কাম কৰাৰ গেৰাণ্টী দিয়াটো হাস্যকৰ৷ ৰাজনীতিত গেৰান্টিৰ কোনো মূল্য নাই৷’’

আনহাতে, চাহ বাগিচাৰ মজুৰি বৃদ্ধি প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় - চাহ বাগিচাৰ মালিকসকলক মই এটা কথা কৈছো, চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৯৬ টকা আছিল৷ আমি ক্ৰমান্বয়ে বৃদ্ধি কৰি ২১৭ টকা কৰিলো৷ চাহ বাগিচাৰ কেইজনমান মালিকে কংগ্ৰেছৰ সৈতে লগ লাগি আদালতত মজুৰি বৃদ্ধিক লৈ গোচৰ ৰুজু কৰিছে৷ চাহ বাগিচাৰ মালিকসকললৈ মোৰ সতৰ্কবাণী, চিধা আঙুলিৰে ঘিউ উলিয়াব নোৱাৰিলে বেকা আঙুলিৰে ঘিই উলিয়াব আমি জানো৷

‘‘যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া চাহ বাগিচাত পাত তুলিব অহা নাছিল প্ৰিয়ংকা গান্ধীয়ে৷ যদি চাহপাত তুলিবলৈ মন গৈছে ৭ দিন বাগিচাত থাকি চাহ পাত চিঙক, তেতিয়াহে প্ৰিয়ংকাই বুজিব চাহ শ্ৰমিকৰ বেদনা৷ চাহ শ্ৰমিকৰ সৈতে ফটো ছেছন কৰি নাটক দেখুৱাব নালাগে৷’’ – প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি কয় হিমন্ত বিশ্ব শৰ্মাই।

ঢেকিয়াজুলিত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি হিমন্ত বিশ্বই কয়, ‘‘ঢেকিয়াজুলি সমষ্টিত এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অশোক সিংঘাল জয়ী হ’ব৷ ঢেকিয়াজুলিৰ ৰাইজে মোক সদায় মৰম দি আহিছে সেইবাবে মই আজি পুনৰ আহিছো৷ ঢেকিয়াজুলিলৈ আহিলে মই দুগুণ উৎসাহ পাওঁ কাম কৰিবলৈ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি