உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : বটদ্ৰৱাত আঙুৰলতা ডেকাৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, কংগ্ৰেছক সমালোচনাৰে থকা–সৰকা কৰিলে মন্ত্ৰীগৰাকীয়ে

    Assam-Assembly : বটদ্ৰৱাত আঙুৰলতা ডেকাৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, কংগ্ৰেছক সমালোচনাৰে থকা–সৰকা কৰিলে মন্ত্ৰীগৰাকীয়ে

    জাজৰি বেলতলৰ খেলপথাৰৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে- ‘‘কংগ্ৰেছৰ আঁঁচনি হৈছে সূতা, ধূতি আৰু কম্বল। আমি কৈছো সূতা, ধূতি, কম্বলৰে অসমখন আগুৱাই নাযায়।’’

    জাজৰি বেলতলৰ খেলপথাৰৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে- ‘‘কংগ্ৰেছৰ আঁঁচনি হৈছে সূতা, ধূতি আৰু কম্বল। আমি কৈছো সূতা, ধূতি, কম্বলৰে অসমখন আগুৱাই নাযায়।’’

    জাজৰি বেলতলৰ খেলপথাৰৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে- ‘‘কংগ্ৰেছৰ আঁঁচনি হৈছে সূতা, ধূতি আৰু কম্বল। আমি কৈছো সূতা, ধূতি, কম্বলৰে অসমখন আগুৱাই নাযায়।’’

    • Share this:
    বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতলৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে এটা সমদলতো ভাগ লয় মন্ত্ৰী ড০ শৰ্মাই। মন্ত্ৰীজনক আদৰিবলৈ নগাঁও-জাজৰি-দলংঘাট পথৰ দুয়োকাষে অগণন গুণমুগ্ধই শাৰী পাতি ৰৈ থকা পৰিলক্ষিত হয়।

    জাজৰি বেলতলৰ খেলপথাৰৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে- ‘‘কংগ্ৰেছৰ আঁঁচনি হৈছে সূতা, ধূতি আৰু কম্বল। আমি কৈছো সূতা, ধূতি, কম্বলৰে অসমখন আগুৱাই নাযায়। অসমখনক আগুৱাই নিবলৈ হ’লে যুৱ প্ৰজন্মক শিক্ষিত কৰিব লাগিব। চাকৰিৰ সুবিধা দিব লাগিব। উদ্যোগ আনিব লাগিব। তেতিয়াহে অসমৰ উন্নতি হ’ব।’’

    ‘‘আমাৰ চৰকাৰ অহাৰ পিছত চাৰিলাখ ল'ৰা–ছোৱালীয়ে কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিছে। বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু ৰাইজৰ ছাত্র-ছাত্রীয়ে কলেজত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে। বিজেপি চৰকাৰৰ দিনত কলেজত নামভৰ্তি কৰোতে কোনেও হিন্দু নে মুছলমান নোসোধে।’' – ক’লে মন্ত্ৰীগৰাকীয়ে।

    বিভিন্ন চৰকাৰী আঁঁচনিৰ সুফল সকলোৱে লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অটল অমৃত অভিযান, আয়ুস্মান ভাৰত আদিৰ সুবিধা হিন্দু-মুছলমান সকলোৱে লাভ কৰিছে। বাংগালুৰুত শিশুসকলক হৃদযন্ত্ৰৰ অপাৰেচন কৰিবলৈ নিওঁতে হিন্দু-মুছলমান সকলোৱে সুবিধা পায়।

    কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ বিতৰ্কিত মন্তব্যৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড০ শৰ্মাই কয়, ‘‘কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এন আৰ চিত নাম নোহোৱা মানুহৰ নাম সুমুৱাই দিলো বুলি কৰা মন্তব্যৰ জৰিয়তে পৰোক্ষভাৱে বটদ্ৰৱাৰ ৰাইজক বাংলাদেশী বুলি অপমান কৰিছে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ এনে মন্তব্যৰ বাবে কাইলৈ পুনৰ নাগৰিকপঞ্জীৰ অনুসন্ধানৰ ক্ষেত্ৰত জাননী জাৰি হ’ব। তেতিয়া দোষ হ’ব বিজেপিৰ। টিভিৰ আগত বটদ্ৰৱাৰ মানুহ বিদেশী বুলি আঙুৰলতা ডেকাই কোৱা নাই। শিৱামণি বৰাইহে কৈছে। আমি বটদ্ৰৱাৰ কোনো মানুহক কেতিয়াও বাংলাদেশী বুলি অপমান কৰা নাই। শিৱামণি বৰাই জালিয়াতি কৰি নাম সুমুৱাই দিয়া বুলি যে মন্তব্য কৰিছে আমাৰ নাম সোমোৱাৰ যোগ্যতা নাছিল নেকি?’’

    বিজেপিৰ প্ৰতাপী নেতা তথা মন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘তেওঁক সুধিব লাগে শিৱামণি বৰা কি লাট চাহাব আছিল যে নাম সুমুৱাব পাৰিছে। এতিয়াই এনে যদি হয় বিধায়ক হ’লে তেওঁ কি কৰিব বুজি লওক।’’

    জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ ৰাইজৰ দুখ মচিবলৈ আমি চেষ্টা কৰিছো বুলি মন্তব্য কৰি মন্ত্ৰী ড০ শৰ্মাই কয় - কোভিডৰ সময়ত মেডিকেলৰ আই চি ইউ অথবা হাস্পতালে হাস্পতালে আমি ঘূৰি আছিলো, কংগ্ৰেছীসকল নহয়। নৰেন্দ্ৰ মোদীয়ে আমাক বিপদৰ সময়ত চাইছিল, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে নহয়, কংগ্ৰেছীয়ে নহয়। লকডাউনৰ সময়ত কোভিডৰ ভয়ত আমি যেতিয়া ঘৰত আছিলো আমাক অন্নমুঠি নৰেন্দ্ৰ মোদীয়ে দিছিল।

    ‘‘বটদ্ৰৱাৰ যিসকল আই মাতৃয়ে অৰুণোদয় পোৱা নাই প্ৰত্যেকগৰাকীক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ। মহিলা আত্মসহায়ক গোটে প্ৰতিবছৰত এক লাখ টকা আৰু ২ লাখ টকা পাব। মাইক্ৰফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব।’’ – ক’লে ড০ শৰ্মাই।

    নৱ প্ৰজন্মক উদ্দেশ্যি তেওঁ কয় যে অসমৰ শিক্ষিত নিৱনুৱাসকলক চাকৰি দিয়াৰ ব্যৱস্থা আমি কৰিম। কিন্তু তেওঁলোকে পিতৃ-মাতৃক চাব লাগিব। কাৰণ পিতৃ-মাতৃয়েই ভগৱান।

    বটদ্ৰৱা অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰিত হ’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। আওপকীয়াকৈ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ কাৰ্যকালত বটদ্ৰৱা সমষ্টিৰ উন্নয়ন হোৱা নাছিল বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে গান্ধীৰ লগত থাকিলে ক'ত পইচা পাব। সিহঁতৰ পেটতে নোসোমাই। সিহঁতৰ পেটবোৰ ইমান ডাঙৰ।

    ইফালে প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰিয়ংকা গান্ধীয়ে চাহপাত তোলা আই–মাতৃসকলৰ লগত ফটো উঠিছে। ফটো উঠাতকৈ সাত দিন গৰমত পাত উঠোৱা হ’লেহে বুজি পালোহেঁতেন মৰম কিমান। এওঁলোকে দৰিদ্ৰ মানুহক চাবলৈ পৰ্যটন কৰে। গান্ধী পৰিয়ালে নিৰ্বাচন হ’লে দুখীয়া মানুহক চাবলৈ আহে। আপোনালোকে যে গাঁৱৰ মানুহক চাবলৈ আহে কেতিয়াবা গাঁৱৰ মানুহক আপোনালোকে বহা টেবুলখনতে ভাত এসাজ নুখুৱাই কিয়?

    কংগ্ৰেছৰ দিনতকৈ আজি বটদ্ৰৱাত ৰাস্তা–ঘাট বহুত হ'ল বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় - ‘‘আঙুৰলতা ডেকা অভিনেত্ৰী আছিল। ৰাজনীতিত অনভিজ্ঞ আছিল। গতিকে ১০০ৰ ভিতৰত ৭০ শতাংশ উন্নয়ন হৈছে। পূৰ্বৰ কংগ্ৰেছৰ দিনত ১০০ৰ ভিতৰত ১০ শতাংশও কাম হোৱা  নাছিল।

    বিধায়িকা আঙুৰলতা ডেকাক ভোট দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে আঙুৰলতা ডেকাক ভোট দিয়া মানে মোকে ভোট দিছে। মোক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক দিছে। নৰেন্দ্ৰ মোদীয়ে আশীৰ্বাদ দিব আমি উন্নয়নৰ ডবা–কাঁহ বজাম। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন মঞ্চতে থকা প্ৰাক্তন মন্ত্ৰী তথা ন বিজেপি গৌতম বৰাক লৈ ড০ শৰ্মাই কয় যে কংগ্ৰেছ কি পাৰ্টী গৌতম দাৰ দৰে অভিজ্ঞ ব্যক্তি থাকোতেই বেলেগক টিকট দিব লাগেনে?

    সাংসদ গৌৰৱ গগৈকো সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ইয়াত এনে এজন সাংসদ আছে যিয়ে অসমীয়া ক’লে মই ৰেকৰ্ডিং কৰি লওঁ। ৰাতি আকৌ শুনো। নহ’লে বুজি নাপাওঁ।

    উল্লেখযোগ্য যে আজিৰ সভাতেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰাক্তন ক‌ংগ্ৰেছী মন্ত্ৰী গৌতম বৰাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। প্ৰায়  ১৫ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত বিজেপি নেতা ব্ৰজেন কাকতি, বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা, আকাশদ্বীপ ডেকা প্ৰমুখ্যে অগপ, বিজেপিৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।
    Published by:Sanjay Kumar Das
    First published: