মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam 2nd Phase Election: আজি EVMত বন্দী হ'ব ৰাজ্যৰ এইসকল হেভীৱেট নেতাৰ ভাগ্য

Assam 2nd Phase Election: আজি EVMত বন্দী হ'ব ৰাজ্যৰ এইসকল হেভীৱেট নেতাৰ ভাগ্য

পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

  • Share this:
আজি অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজিৰ দিনটোতে EVMত বন্দী হ'ব ৰাজ্যৰ চাৰিগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ভাগ্য।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই সকল হাইপ্ৰফাইল  নেতাৰ ভাগ্য বন্দী হ'ব  EVMতঃ

ধলাই সমষ্টিত মন্ত্ৰী পৰিমল শুল্কবদ্য, ৰঙিয়া সমষ্টিত ভৱেশ কলিতা, জাগীৰোড সমষ্টিত পীয়ুষ হাজৰিকাৰ লগতে সোণাই সমষ্টিত অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, শিলচৰ সমষ্টিত প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল, ডিফু সমষ্টিত চুম ৰংহাং, ওদালগুৰি সমষ্টিত ৰিহণ দৈমাৰী, পানেৰী সমষ্টিত বিশ্বজিত দৈমাৰী, কৰিমগঞ্জ(দক্ষিণ)ত প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী ছিদ্দিক আহমেদ, কৰিমগঞ্জ(উত্তৰ)ত বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থ, যমুনামুখ সমষ্টিত বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল, কাটিগড়া সমষ্টিত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় অন্যতম।

নিৰ্বাচনৰ আয়োগৰ ফালৰ পৰা জনোৱা মতে, আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৩৯টা সমষ্টিত আছে সৰ্বমুঠ ৭৩,৪৪,৬৩১গৰাকী ভোটাৰ। ইয়াৰে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ ভোটাৰ। সেইদৰে মহিলা ভোটাৰৰ সংখ্যা ৩৬,০৯,৯৫৯গৰাকী।

শেহতীয়া বাতৰি