'হিমন্ত কংগ্ৰেছত আহো আহো কৰি আছে। কংগ্ৰেছে যদি হিমন্ত বিশ্ব শৰ্মাক লয় তেন্তে মই বিজেপিত জাপ মাৰি যাম। এইবাৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ২৫ৰ পৰা ৩০খন আসন পাব। ৰঞ্জিত দাসৰ চৰম নাই। নিজ সমষ্টি এৰি পলাইছে। ভেল্যু নাইকিয়া সভাপতি। দিছপুৰত এইবাৰ হিমন্ত আউট, হাগ্ৰামা ইন হ'ব।'- বঢ়মপুৰত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ এই মন্তব্য কৰে বিপিএফ প্ৰদান হাগ্ৰামা মহিলাৰীয়ে।
দেওবাৰে বঢ়মপুৰ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই বঢ়মপুৰ সমষ্টিত অনুষ্ঠিত কৰে দুখনকৈ বিশাল নিৰ্বাচনী সভা। এখন কামপুৰত আৰু আনখন বঢ়মপুৰত। বঢ়মপুৰৰ জনসভাত পাঁচ সহস্ৰাধিক লোকৰ সমাগম ঘটে। সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ মহাজোঁটৰ হাই প্ৰফাইল নেতা তথা প্ৰাক্তন BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে বিজেপি দলৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। হাগ্ৰামা মহিলাৰীয়ে কয় যে, 'অমিত শ্বাহে মতা মানুহক মহিলা কৰিলে, নিৰ্বাচনী সভাত অমিত শ্বাহে ৰমাকান্তক সাজিলে মহিলা। ৰমাকান্তক সম্বোধন কৰিলে 'শ্ৰী মতী' বুলি। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে, লাচিত বৰফুকনে হেনো বৃটিছৰ লগত যুদ্ধ কৰি শ্বহীদ হৈছিল।'
'ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে। জিন্দেগী অসমত আৰু বিজেপি চৰকাৰ নহয়। 'কা' জাপি দিলে। পাঁচজন শ্বহীদ হ'ল। 'কা' আমি দুই মে' তাৰিখৰ পাছত বাতিল কৰিম। জিতু গোস্বামী হিমন্তৰ চামচা। মই আহিছো যেতিয়া জিতু গোস্বামী হাৰিব।'- এনেদৰে কয় হাগ্ৰামা মহিলাৰীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|