Assam-Assembly : ‘এশবাৰ নহয়, দুশবাৰ মোদী-শ্বাহ আহিলেও অসমত বিজেপি চৰকাৰ নহয়, ২ মে’ত বিজেপি বিদায়’ – ক’লে হাগ্ৰামাই

News18 Assam | News18-Assam
Updated:March 21, 2021, 6:05 PM IST
Assam-Assembly : ‘এশবাৰ নহয়, দুশবাৰ মোদী-শ্বাহ আহিলেও অসমত বিজেপি চৰকাৰ নহয়, ২ মে’ত বিজেপি বিদায়’ – ক’লে হাগ্ৰামাই
বিজেপিয়ে বড়ো জাতিক প্ৰমোদ বড়োৰ সৈতে চুক্তি কৰি প্ৰতাৰণা কৰিছে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে৷

বিজেপিয়ে বড়ো জাতিক প্ৰমোদ বড়োৰ সৈতে চুক্তি কৰি প্ৰতাৰণা কৰিছে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে৷

  • Share this:
কংগ্ৰেছ (Congress) মহাজোঁটৰ হৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী (Hagrama Mahilary)য়ে উত্তৰ অসমত ইসনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে৷ বিজেপিক উৎখাত কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ মহাজোঁটৰ হৈ৷

হেলিকপ্টাৰ লৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ পিছে নিৰ্বাচনী প্ৰচাৰ সভাত এইবাৰ হাগ্ৰামাৰ মূল টাৰ্গেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ লগতে বিজেপি (BJP) দল৷ দেওবাৰে ঢেকিয়াজুলি সমষ্টিৰ উত্তৰাঞ্চলত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথ (Benudhar Nath)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপিক গাদীচ্যূত কৰাৰ হুংকাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ৷

ঢেকিয়াজুলি (Dhekiajuli)ৰ উত্তৰাঞ্চলৰ খাওলা চেণ্টাৰত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত মহিলাৰীয়ে নিজৰ ভাষণত কয় - ‘‘বিজেপি অসমত হাৰিব, তাৰ বাবে প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহ বাৰে বাৰে অসমত আহিছে৷ মোদী-অমিত শ্বাহ অসমত এশবাৰ–দুশবাৰ আহক, কিন্তু অসমত এইবাৰ বিজেপি হাৰিব।’’

বিজেপিয়ে বড়ো জাতিক প্ৰমোদ বড়ো (Pramod Boro)ৰ সৈতে চুক্তি কৰি প্ৰতাৰণা কৰিছে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে৷ আনহাতে, একালৰ ঘনিষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি  হাগ্ৰামাই কয় – ‘‘মই বিদেশত নাযাওঁ, হিমন্তইহে বিদেশলৈ যোৱাৰ টিকট কাটিছে৷ বিজেপিয়ে অসমত হাৰি আছে সেইবাবে বিদেশলৈ যাব হিমন্তই।’’

ইপিনে উক্ত নিৰ্বাচনী সভাত নিজৰ ভাষণত মহিলাৰীয়ে বিটিচি প্ৰধান প্ৰমোদ বড়োকো তীব্ৰ সমালোচনা কৰি প্ৰমোদ বড়োক বেপাৰী আখ্যা দিয়ে৷ হাগ্ৰামাই কয়, ‘‘বড়ো জাতিক বিক্ৰী কৰিলে প্ৰমোদ বড়োৱে৷’’

ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘাল (Ashok Singhal) এইবাৰ নিৰ্বাচনত পৰাজিত হ’ব বুলি কয় হাগ্ৰামাই৷ ইপিনে উত্তৰ অসমত বিজেপিয়ে কোনকেইটা সমষ্টি হেৰুৱাব সেয়া ক’লে হাগ্ৰামই৷ তেওঁৰ মতে ঢেকিয়াজুলি,বৰছলা, ৰঙাপৰা, চতিয়া, গহপুৰ, বিহুপুৰীয়া আদি সমষ্টি এইবাৰ বিজেপিয়ে হেৰুৱাব।

নিজৰ ভাষণত মহিলাৰীয়ে পুুুুনৰ কয় - ‘‘ৰাজ্যত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হ’ব৷ বিজেপিয়ে কেবল শ্লোগান দিয়ে উন্নয়নৰ৷ পাঁচটা বছৰে অসমৰ ৰাইজে বিজেপিৰ পৰা একো নাপালে৷ কেবল জাতি-ধৰ্মৰ নামত বিভাজন কৰিলে বিজেপিয়ে৷’’

উল্লেখ্য যে ঢেকিয়াজুলিৰ কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথৰ হৈ ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ খাওলাত প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে।
Published by: Sanjay Kumar Das
First published: March 21, 2021, 6:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি