‘‘হিমন্ত বিশ্ব শৰ্মা আগতে হিৰ' আছিল এইবাৰ জিৰ' হৈ যাব। ৰিজাল্টৰ পিছত নাচিবলৈ সুবিধা নাপাব বাবেই হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ নাচিছে।’’ – এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
সোণাৰি (Sonari)ত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি হাগ্ৰামা মহিলাৰী (Hagrama Mahilary)য়ে কয়, এইবাৰ কংগ্ৰেছ (Congress)ৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব। মুখ্যমন্ত্ৰী হ’বলৈ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ যোগ্যতাও নাই, ভাগ্যও নাই।
সোণাৰি সমষ্টিৰ কংগ্ৰেছ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি হাগ্ৰামী মহিলাৰীয়ে কয়, ‘‘হিমন্তই মোক এৰেষ্ট কৰিব বিচাৰি আছে সেয়ে মই ঘৰত নাথাকো। প্ৰায় দুই তিনি মাহৰ পৰা ঘৰ যোৱা এৰিছো আৰু ঘৰলৈ গ’লেও লুকাই লুকাই যাওঁ।’’
সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰীত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মহাজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বি পি এফৰ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ীৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, এআইচিচিৰ প্ৰতিনিধি মহান প্ৰকাশৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি প্ৰবিত্ৰ শইকীয়া, সাধাৰণ সম্পাদক উৎপল গগৈ, অনুজ বৰকটকী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|