• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : ‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, মই হোৱাৰ পিছতহে পাৰিব’ – ৰঙিয়াত ক’লে হাগ্ৰামা মহিলাৰীয়ে

Assam-Assembly : ‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, মই হোৱাৰ পিছতহে পাৰিব’ – ৰঙিয়াত ক’লে হাগ্ৰামা মহিলাৰীয়ে

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ২০ খনতকৈ অধিক আসন পাব বুলি দাবী কৰে হাগ্ৰামাই।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ২০ খনতকৈ অধিক আসন পাব বুলি দাবী কৰে হাগ্ৰামাই।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ২০ খনতকৈ অধিক আসন পাব বুলি দাবী কৰে হাগ্ৰামাই।

  • Share this:
    ‘‘হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। ৰাজনীতিত হিমন্ত বিশ্বতকৈ হাগ্ৰামা মহিলাৰী (Hagrama Mahilary) জ্যেষ্ঠ। হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ’ব পাৰিব।’’ – ৰঙিয়াত এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। ৰঙিয়াত মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰৰ বাবে প্ৰচাৰ চলাবলৈ আহি এনেদৰে মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰীয়ে।

    বিটিচি প্ৰধান প্ৰমোদ বড়ো (Pramod Boro)ৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ এৰি হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘প্ৰমোদ বড়োৰ ৰঙিয়াৰ লগতে কোকৰাঝাৰ, গুৱাহাটী, দিল্লী, মুম্বাই, ছিংগাপুৰ আদি বিভিন্ন ঠাইত ঘৰ আছে।’’

    ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত মহাজোঁটৰ বিশাল প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনত জয় হোৱাৰ পিছত ডাঃ ভগবান দেৱ মিশ্ৰক কেবিনেট মন্ত্ৰীৰ বাব প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে মাজুলীলৈ প'লিং–প্ৰিজাইডিং বিষয়াসকলে ট্ৰেক্টৰত যাব লগা হোৱা বুলি কটাক্ষ কৰি বিজেপিয়ে কি উন্নয়ন কৰিছে বুলি প্ৰশ্ন কৰে মহিলাৰীয়ে।

    আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ২০ খনতকৈ অধিক আসন পাব বুলি দাবী কৰে হাগ্ৰামাই। গোটেইকেইটা পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে মুঠ ৭০তকৈ অধিক আসন পাব বুলি আশা প্ৰকাশ কৰে মহিলাৰীয়ে। বিপিএফে নিৰ্বাচনৰ পিছত কোনো কাৰণতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লগত চামিল নহয় বুলি হাগ্ৰামাই স্পষ্ট কৰি দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই সভাখনত মহাজোঁটৰ পাঁচটা গেৰাণ্টি (Congress 5 Guarantee)ৰ বিষয়ে ব‍্যাখ‍্যা কৰে।
    Published by:Sanjay Kumar Das
    First published: