মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Assembly : ‘জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও নাই, যোগ্যতাও নাই’ – কোনে ক’লে এই কথা?

Assam-Assembly : ‘জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও নাই, যোগ্যতাও নাই’ – কোনে ক’লে এই কথা?

News18 Assam | News18-Assam
Updated:March 22, 2021, 9:01 AM IST
Assam-Assembly : ‘জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও নাই, যোগ্যতাও নাই’ – কোনে ক’লে এই কথা?
oppo_0

হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাসমূহত নচাক লৈও তীব্ৰ কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে।

  • Share this:
দেওবাৰে হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গহপুৰ (Gohpur)ত উপস্থিত হয় বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী (Hagrama Mahilary)। ৰিপুণ বৰা (Ripun Borah)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাই এইবাৰ অসমত মহাজোট বন্ধনৰ চৰকাৰ নিশ্চিত বুলি উল্লেখ কৰাৰ লগতে বিজেপিৰ ১০০ এইবাৰ মাইনাছ হ'ব বুলি উল্লেখ কৰে।

APCCৰ সভাপতি ৰিপুণ বৰাৰ হৈ নয়া ঘগৰা জাহাজ খেলপথাৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গ'ল হাগ্ৰামা মহিলাৰীক।
ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক তীব্ৰ কটাক্ষ কৰি হাগ্ৰামাই কয় যে হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতি তেওঁ শিকোৱা। জীৱনত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব।

হাগ্ৰামাই নিজকে হিমন্তৰ গুৰু বুলি উল্লেখ কৰি কয় যে ময়েই মুখ্যমন্ত্ৰী হোৱা নাই। হিমন্ত বিশ্ব ক'ত মুখ্যমন্ত্ৰী হ'ব পাৰিব। হিমন্ত বিশ্বৰ দাদাগিৰিত ভয় খোৱা মানুহ মই নহয়। হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও নাই, যোগ্যতাও নাই।

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাসমূহত নচাক লৈও তীব্ৰ কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে। হিমন্তৰ নিত্যক বাবা ৰামদেৱৰ যোগাসনৰ লগত তুলনা কৰি কয় ড০ হিমন্ত বিশ্ব শৰ্মা ৰুগীয়া। সেইবাবে এনেবোৰ নৃত্য কৰি থাকে; যেনেকৈ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসন কৰে।

মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰি মহাজোঁটৰ চৰকাৰ হ'লে জনজাতীয় ৰাইজৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আলোচনাৰ মাজেৰে হাগ্ৰামা মহিলাৰীয়ে সমাধান কৰা হ'ব বুলি সভাত উপস্থিত ভোটাৰক আশ্বাস প্ৰদান কৰে।  APCC ৰ সভাপতি ৰিপুণ বৰাৰ জয় নিশ্চিত বুলি দাবী কৰি হাগ্ৰামাই  কয় যে গহপুৰত বিজেপিৰ যিমান ষ্টাৰ কেম্পেনাৰ আহিলেও বিজেপিৰ প্ৰাৰ্থী উৎপল বৰা জয়ী হ'ব নোৱাৰে।
Published by: Sanjay Kumar Das
First published: March 22, 2021, 9:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি