"হাগ্ৰামা ইন হিমন্ত আউট। হিমন্ত বিশ্বৰ NRCত নাম নাই। হিমন্ত বিশ্বৰ দাদাগিৰি নচলিব" – মঙলদৈ (Mangaldoi)ৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য হাগ্ৰামা মহিলাৰী (Hagrama Mahilary)ৰ। কংগ্ৰেছ (Congress)ৰ প্ৰাৰ্থী বসন্ত দাস (Basanta Das)ৰ হৈ মঙলদৈৰ ধুলাত নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘যোৱাবাৰ মই বসন্ত দাসক হৰুৱাইছিলো, এইবাৰ কংগ্ৰেছৰ লগত বসন্ত দাসক জিকাম।’’
দেওবাৰে মঙলদৈৰ ধুলাত কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ বৃহৎ নিৰ্বাচনী সভাত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত BJP–এ পাব ৫-৬ খন আসন। হৈ যোৱা নিৰ্বাচনত মহাজোঁটৰ বৃদ্ধি হ’ব আসন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২০ প্লাছ পাম আমি। দ্বিতীয় পৰ্যায়ত আমি ২৫-৩০ খন আসন পাম। আৰু BTCৰ ১২খন আসনেই পাম।’’
বিশাল নিৰ্বাচনী সভাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা (Ripun Borah)ই কংগ্ৰেছ দলৰ মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ প্ৰচাৰ সভাত কঠোৰ সমালোচনা কৰে বিজেপি চৰকাৰক। ৰিপুণ বৰাই কয়, ‘‘২ মে’ৰ পিছত অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’ব। ইতিমধ্যে উজনি অসমত কংগ্ৰেছৰ অধিক আসন নিশ্চিত হৈ গৈছে। এইবাৰ কংগ্ৰেছ–বিজেপিৰ নিৰ্বাচন নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন। কংগ্ৰেছ চৰকাৰ আহিলে ‘কা’ আমি ব্ৰহ্মপুত্ৰত পেলাই দিম। এয়া কংগ্ৰেছৰ গেৰাণ্টী।’’
কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ লোণ আৰু কৃষকসকলৰ কৃষি লোণ ৰেহাই দিব বুলি কৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাসক বিপুল ভোটট জয়ী কৰিবলৈ জনসাধাৰনক আহ্বান জনায় ৰিপুণ বৰাই। আনহাতে ছিপাঝাৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কুলদ্বীপ বৰুৱাৰ হৈ প্ৰচাৰ চলাই ৰিপুণ বৰাৰ মন্তব্য, "আমি ছিপাঝাৰ সমষ্টিত জয়ী হ’ম। উদ্ধাৰ কৰিম সমষ্টিতো। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমি ৩৫খন আখন লাভ কৰিম। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনত আমাৰ আৰু ভাল হব।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|