BTR নিৰ্বাচনৰ পৰাই তুংগত আছে হাগ্ৰামা-হিমন্তৰ বাক যুদ্ধ। শেহতীয়াকৈ NIA লগাই হাগ্ৰামা মহিলাৰীক জেললৈ পঠিয়াব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবুকি দিয়াৰ পিছতে হিমন্ত বিশঅৱ শৰ্মাক উভতি ধৰিছে হাগ্ৰামা মহিলাৰীয়ে। হিমন্ত বিশ্ব ৰ্শমাক আক্ৰমণৰ লক্ষ্য কৰি হাগ্ৰামাই কয়, '২ মে'ত BJPৰ শ্ৰাদ্ধ পাতি দিছপুৰৰ পৰা হিমন্ত বিশ্বক আউট কৰা হ’ব আৰু হাগ্ৰামা মহিলাৰী দিছপুৰত ইন হ’ব। ইমানতেই ক্ষান্ত নাথাকি হিমন্ত বিশ্ব শৰ্মাক ঢাকাৰ মিউজিয়ামত ৰখা হ’ব বুলিও ৰ্তীৰ্যক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে৷
কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিন্নাচৰাত এখন নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে কয়, 'মহাজোঁটৰ চৰকাৰ হ'লে হিমন্ত বিশ্বই বন্ধ কৰা মাদ্ৰাছাসমূহ পূনৰ খুলি দিয়া হ'ব।'
ইপিনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নামনি অসমত বিজেপি আৰু মিত্ৰজোঁটৰ কোনো অস্তিত্ব নাথিকিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে৷ আনকি এইবাৰ নিৰ্বাচনৰ পিছতে UPPL দলৰো কোনো অস্তিত্ব নাথাকিব বুলি আজমলে মন্তব্য কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 01, 2021, 21:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।