নুমলীগড়ৰ সৰুপথাৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ হেলিকপ্টাৰৰ অৱতৰণৰ সময়তে অথন্তৰ লগালে এটা ছাগলীয়ে। খেদি খেদি নিৰপত্তাৰক্ষীয়ে ধৰিব লগা হ’ল ছাগলী পোৱালি।
নুমলীগড়ৰ পুৰাবাংলাত নেডাৰ আহ্বায়ক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰযোগে সৰুপথাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে। কিন্তু হেলিকপ্টাৰ অৱতৰণৰ সময়তে অথন্তৰ লগালে এটা ছাগলী পোৱালিয়ে। হঠাতে এটা ছাগলীয়ে হেলিকপ্টাৰ অৱতৰণৰ সময়তে সোমাই আহে হেলিপেডলৈ। উপায়ন্তৰ হৈ নিৰাপত্তাৰক্ষীয়ে খেদি খেদি ধৰিব লগা হয় ছাগলীটো।
সৰুপথাৰ (Sarupathar) সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ হৈ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত অসমৰ ৫টা উন্নত সমষ্টিৰ ভিতৰত এটা সমষ্টিলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ সমষ্টিত দুখন কলেজ আৰু দুখন উন্নত চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগতে বিজেপি চৰকাৰ শাসনলৈ আহিলে ২০২২ চনত এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এটা বছৰৰ ভিতৰত সৰুপথাৰ সমষ্টিৰ সকলো জৰাজীৰ্ণ বাট-পথ নিৰ্মাণ হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।
তদুপৰি, মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ মাফ কৰাৰ লগতে এই ঋণৰ কিস্তি বিচাৰি অহা এজেণ্টক ভৰিত মৰম কৰি ঋণ বিচাৰি আহিব নোৱাৰা কৰি দিব বুলিও ভাষণ প্ৰসংগত ব্যক্ত কৰে। আনহাতে, এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ এই প্ৰচাৰ সভাত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, প্ৰাক্তন সৰুপথাৰৰ বিধায়ক অগপৰ বিনোদ গোৱালা আৰু বহু বিজেপিৰ নেতা–পালিনেতা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|