প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ডিব্ৰুগড় (Dibrugarh)ত অঘটন। লাহোৱালৰ নিজ মৈদঙীয়া ভোটকেন্দ্ৰত ডাঃ মুনিন পাঠক নামৰ কৰ্তব্যৰত চিকিৎসকজনে পিষ্টল দেখুৱালে ভোটাৰক। কোভিড প্ৰটকল নিয়ন্ত্ৰণ কৰিবলৈ গৈ লাহোৱাল উপ–স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰাইজক দেখুৱালে পিষ্টল।
এই ঘটনাৰ পাছতেই উত্তেজনাৰ সৃষ্টি হয় ভোটকেন্দ্ৰটোত। উত্তেজিত ৰাইজে ঘেৰি ধৰে চিকিৎসকগৰাকীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসকগৰাকীক উদ্ধাৰ কৰে। পিছত চিকিৎসকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় সদৰ থানালৈ লৈ আনে। আৰক্ষীয়ে চিকিৎসকগৰাকীৰ হাতৰ পৰা এটা অনুজ্ঞাপত্ৰ থকা .32 পিষ্টল জব্দ কৰিছে।
উল্লেখযোগ্য যে নিৰ্বাচনৰ আগে আগে সকলো ধৰণৰ অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ প্ৰশাসনক জমা দিব লাগে। ইয়াৰ মাজতে ডাঃ মুনিন পাঠকৰ ওচৰত নিৰ্বাচনৰ সময়ত মাৰণাস্ত্ৰ কেনেকৈ থাকিল তাক লৈ উঠিছে প্ৰশ্ন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|