Assam-Assembly: নাৰায়ণপুৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোদীৰ সভাত উপস্থিত নাথাকিল মন্ত্ৰী নৱকুমাৰ দলে, দেখা নগ'ল টিকট বঞ্চিত বিধায়ক দেৱানন্দ হাজৰিকাক

News18 Assam | News18-Assam
Updated:March 25, 2021, 3:01 PM IST
Assam-Assembly: নাৰায়ণপুৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোদীৰ সভাত উপস্থিত নাথাকিল মন্ত্ৰী নৱকুমাৰ দলে, দেখা নগ'ল টিকট বঞ্চিত বিধায়ক দেৱানন্দ হাজৰিকাক
এইবাৰ উত্তৰ অসমত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি।

এইবাৰ উত্তৰ অসমত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি।

  • Share this:
এইবাৰ উত্তৰ অসমত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি। লখিমপুৰ জিলাৰ চাৰিওটা বিধানসভা সমষ্টিতে এইবাৰ কংগ্ৰেছ দল শক্তিশালী ৰূপত গা কৰি উঠিছে। উত্তৰ অসমত দলৰ ভেঁটি মজবুত কৰি ৰাখিবলৈ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ বহু হাই প্ৰফাইল নেতাই। বুধবাৰে খোদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহপুৰীয়া বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলয়।

প্ৰধানমন্ত্ৰী মোদীৰ সভাত উপস্থিত থাকে বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমিয় ভূঞা, লখিমপুৰ সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকা, নাওবৈছা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড। কিন্তু লক্ষণীয় ভাবে সভাখনত উপস্থিত নাথাকে ঢকুৱাখনা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী নৱ কুমাৰ দলে আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ টিকট বঞ্চিত বিধায়ক দেৱানন্দ হাজৰিকা। বিজেপিৰ দুয়োগৰাকী শক্তিশালী নেতাই প্ৰধানমন্ত্ৰী মোদীৰ সভাত উপস্থিত নথকা বিষয়টোৱে জিলাখনত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

বুধবাৰে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ বৰখামটি পথাৰত অনুষ্ঠিত হৈছিল বিজেপিৰ বিজয় সংকল্প সমাবেশ ৷  সভাখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে মিচিং আৰু দেউৰী ভাষাত ভাষণ আৰম্ভ কৰি কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেই ৰাজহুৱাকৈ তেওঁৰ বিৰুদ্ধে একাংশ দলীয় কৰ্মী যড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰিছিল।

লখিমপুৰ জিলাখনত গণশক্তি দলৰ আছে প্ৰৱল গণভিত্তি। কিন্তু বিজেপি মিত্ৰজোঁটত থকাৰ পিছতো ঢকুৱাখনা বিধানসভা সমষ্টিত গণশক্তিয়ে বিজেপি প্ৰাৰ্থী নৱ দলেৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী তথা  টিএমপিকেৰ প্ৰাক্তন নেতা পদ্মলোচন দলেক ভিতৰি সমৰ্থন কৰিছে বুলি বিভিন্ন মহলত আলোচনা চলিছে। সেইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো  লখিমপুৰ আৰু ধেমাজিলৈ বহুবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে যদিও ঢকুৱাখনা সমষ্টিত কোনো ধৰণৰ প্ৰচাৰ কাৰ্যত ভাগ লোৱা নাই। ইয়াৰ ফলত এতিয়া সমষ্টিটোত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মন্ত্ৰী নৱ কুমাৰ দলে।
Published by: Himangshu Bhuyan
First published: March 25, 2021, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি