মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam-Assembly: ২ 'মে'ত ফলাফল, ৪ মে'ত মহাজোঁটৰ চৰকাৰ আৰু ৫ মে'ত পাঁচ গেৰাণ্টীত চহী'-কোনে ক'লে?

Assam-Assembly: ২ 'মে'ত ফলাফল, ৪ মে'ত মহাজোঁটৰ চৰকাৰ আৰু ৫ মে'ত পাঁচ গেৰাণ্টীত চহী'-কোনে ক'লে?

ৰাতাবাৰী সমষ্টিৰ EVM BJPৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ গাড়ীত উদ্ধাৰ হোৱা সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগ (ECI)ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰণদীপ সিং সূৰ্যেৱালে

ৰাতাবাৰী সমষ্টিৰ EVM BJPৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ গাড়ীত উদ্ধাৰ হোৱা সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগ (ECI)ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰণদীপ সিং সূৰ্যেৱালে

ৰাতাবাৰী সমষ্টিৰ EVM BJPৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ গাড়ীত উদ্ধাৰ হোৱা সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগ (ECI)ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰণদীপ সিং সূৰ্যেৱালে

  • Share this:
মহাজোঁট বন্ধনে ১০১ আসন পাবই ৷ সেই হিচাপত মহাজোঁট বন্ধনে চাৰি মে'ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰিলে AICCৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সূৰ্যেৱালে ৷ শুকুৰবাৰে ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত সূৰ্যেৱালে ক'লে- “দুই মে'ত ফলাফল, চাৰি মে'ত মিত্ৰজোঁটৰ চৰকাৰ আৰু পাঁচ মে'ত প্ৰথমখন মহাজোঁট চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব ৷ সেই বৈঠকতে আমি দিয়া পাঁচটা গেৰাণ্টী পূৰণৰ বাবে সিদ্ধান্ত লোৱা হ'ব ৷”

BJPক কঠোৰ ভাষাৰে সমালোচনা কৰি AICCৰ সাধাৰণ সম্পাদক সূৰ্যেৱালে ক'লে- “বিজেপিয়ে কি কি কৰা নাই?  সাংবাদিককো মুকলি কৈ ভাবুকি দিছে ৷ BJP-এ য'তে নিৰ্বাচন খেলিছে, সকলোতে হাৰিছে ৷ চত্তীশগড়, ৰাজস্থানত হাৰিছে ৷ অসমতো হাৰিব ৷ পৰাজয়ৰ এই ধাৰা বিজেপিৰ অব্যাহত থাকিব ৷ পৰাজয়ৰ পৰা ৰক্ষা পাবলৈ শেষত EVMক আশ্ৰয় হিচাপে লয় ৷ এইবাৰ EVMয়েও ৰক্ষা কৰিব নোৱাৰিব ৷”

ৰাতাবাৰী সমষ্টিৰ EVM BJPৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ গাড়ীত উদ্ধাৰ হোৱা সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগ (ECI)ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰণদীপ সিং সূৰ্যেৱালে ৷ সূৰ্যেৱালে ক'লে- “ECIএ ৰাইজক উত্তৰ দিব লাগে ৷ EVM BJPৰ প্ৰাৰ্থী কৃষ্ণেন্দ্ৰু পালৰ গাড়ীত কেনেকৈ উদ্ধাৰ হ'ল? সমগ্ৰ অসমত কি গাড়ী বিচাৰি নাপালে? বিলাসী গাড়ীত কেতিয়াৰ পৰা EVM কঢ়িওৱা আৰম্ভ কৰিবলৈ ল'লে ECI-এ? ৰাইজক জবাব দিয়ক ৷ আমি সংবাদ মাধ্যমৰ জৰিয়তে ECIক প্ৰশ্ন কৰিছো ৷ কলাইগাঁৱৰ এটা কেন্দ্ৰৰ পৰা EVM অন্তৰ্ধান হয় ৷ ডিব্ৰুগড়ৰ ষ্ট্ৰংৰূমৰ কাষত সন্দেহজনক গতিবিধি কৰাৰ সন্দৰ্ভত ECIএ কি ব্যৱস্থা ল'লে? জবাব দিয়ক ECI-এ ৷”

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে চাৰিভাগৰ তিনিভাগ ভোট পাব বুলি দাবী কৰে সূৰ্যেৱালে ৷ তেওঁ ক'লে- “কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিবই এইবাৰ ৷ BJP-এ যিয়ে নকৰক কিয় ৷ ৰাইজে BJPক আউট কৰাৰ বাবে অসমৰ পৰাই আৰম্ভ কৰিছে ৷”

ECIৰ জৰিয়তে BJP-এ এতিয়া এটা দুটাকৈ চুৰি কৰিবলৈ আৰম্ভ কৰিছে ৷ BJP এতিয়া EVM চোৰৰ দল ৷ ECIক প্ৰশ্ন কৰিছো, EVM চুৰিত আপোনালোকো অংশীদাৰ নেকি? নে আপোনালোক ধৃতৰাষ্ট্ৰৰ ৰূপত অৱতীৰ্ণ হৈছে?

ECIৰ সন্দৰ্ভত AICCৰ সাধাৰণ সম্পাদক সূৰ্যেৱালে পুনৰ ক'লে- “আজি ECIৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ ECI-এ সাংবিধানিক দায়িত্ব পালন কৰিছেনে? সাংবিধানিক দায়িত্ব পালন কৰিবনে নে ECI-এ BJPৰ হৈ কাম কৰিব? ECI যদি আজি শুই থাকে, নিৰপেক্ষ ভাৱে কাম নকৰে তেন্তে ইতিহাসে কেতিয়াও ECIক ক্ষমা নকৰিব ৷”

শেহতীয়া বাতৰি