মুখ্যপৃষ্ঠা »খবৰ »অসম »‘৫০০ কোটি খৰচ কৰিলেও বিজেপিয়ে ২০২১ত চৰকাৰ গঠন কৰিব নোৱাৰে’

‘৫০০ কোটি খৰচ কৰিলেও বিজেপিয়ে ২০২১ত চৰকাৰ গঠন কৰিব নোৱাৰে’

এই দাবী ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

এই দাবী ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

এই দাবী ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

  • Share this:
‘২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে চৰকাৰ গঠন কৰিব। ৫০০ কোটি খৰচ কৰিলেও অসমত বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰিব।’- এই দাবী ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

৬০ প্লাছ আসন লাভেৰে কংগ্ৰেছৰ নেতৃত্বতে অসমত পৰৱৰ্তী চৰকাৰ হ’ব বুলি কয় বিধায়ক ৰেকিবুদ্দিন আহমেদে। জাতীয় কংগ্ৰেছ দলৰ ভাল আৰু বেয়া দিনৰ অভিজ্ঞতাৰে ৰাজনীতি কৰা ৰেকিবুদ্দিন আহমেদে নিজৰ দলটোক মহাসাগৰ বুলি অভিহিত কৰে।

সম্প্ৰতি বিটিচি নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা ৰেকিবুদ্দিন আহমেদে বিটিচি নিৰ্বাচনত পৰিষদ গঠনৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু এআইইউডিএফে নিৰ্ণায়ক ভূমিকা লব বুলি কয়।আজমল ফাউণ্ডেচন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেকিবুদ্দিন আহমেদে কয় যে, আচলতে একাংশ ই হিংসা কৰে। আজমলক হিংসা কৰি লাভ নহ’ব, অভিযোগৰ উচিত তদন্ত কৰক বুলি চৰকাৰক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে।

শেহতীয়া বাতৰি