আজি যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী ৰাণা গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। জয় আই অসম বুলি কৈ ভাষণ আৰম্ভ কৰা প্ৰিয়ংকাই আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিবলৈ উপস্থিত জনতাক আহ্বান জনায়। ভাষণ প্ৰসংগত কংগ্ৰেছ প্ৰা্ৰথী ৰাণা গোস্বামীক প্ৰশংসাৰে উপচালে প্ৰিয়ংকা গান্ধীয়ে।
প্ৰিয়ংকাই কয় যে, ৰাণা গোস্বামীয়ে আমাৰ সৈতে উত্তৰ প্ৰদেশত দীৰ্ঘ সময় ধৰি কাম কৰিছে। মই ইয়াৰ পূৰ্বে অসমলৈ আহোতে চাহ বাগিচাৰ লোকসকলৰ সৈতে মত বিনিময় কৰিছিলো। এই মহিলাসকল অসমৰ সংস্কৃতিৰ ৰক্ষক । প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে ছচিয়েল মিডিয়াত প্ৰকাশ কৰা এখন ভুল ফটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু অসমৰ বানপানী , কা' সন্দৰ্ভত তেখেত নিৰব। বিজেপিয়ে বহুত প্ৰতিশ্ৰুতি দিছিল । জাতি মাটি ভেটিৰ কথা কৈছিল। চাহ বাগিচাত বহু সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।'
ইফালে অসমত বৰ্তমান দুজন মুখ্যমন্ত্ৰী আছে বুলি বিজেপি চৰকাৰক কটাক্ষ কৰাৰ লগতে অসম গণ পৰিষদক বিজেপিয়ে দিল্লী গণ পৰিষদ বনাই দিলে মন্তব্য কৰে প্ৰিয়ংকাই। প্ৰিয়ংকাই লগতে কয় যে, 'প্ৰধানমন্ত্ৰীগৰাকীয়েও সেয়েহে কৈছে যে, বিজেপি চৰকাৰ হ'লে অসম দুটা দুটা ইঞ্জিনেৰে চলিব। তেখেতে কোন দুটা ইঞ্জিনৰ কথা কৈছে ! অসমৰ মানুহক ভগৱানে যা'তে তেওঁলোকৰ পৰা ৰক্ষা কৰে।'
ইফালে জুবিন গাৰ্গৰ 'পলিটিক্স নকৰিবা বন্ধু' শীৰ্ষক গীতৰ কথা উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে, 'জুবিন গাৰ্গে এটা গীতত গাইছে " পলিটিক্স নকৰিবা বন্ধু "। আমিও বিজেপি চৰকাৰক সকলোতে পলিটিক্স নকৰিবলৈ আহ্বান জনাই আহিছো।'
ইফালে ভাষণত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ পাঁচ গেৰাণ্টীৰ কথাও উল্লেখ কৰি চৰকাৰ গঠন কৰাৰ পিছত সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|