உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘BJP-এ যিমানেই মোগলৰ কথা কৈ নিচিঞৰক, অসমীয়াই স্বাভিমানক এৰি নিদিয়ে; লাগিলে নিমখ–ভাত খাব!’

    ‘BJP-এ যিমানেই মোগলৰ কথা কৈ নিচিঞৰক, অসমীয়াই স্বাভিমানক এৰি নিদিয়ে; লাগিলে নিমখ–ভাত খাব!’

    ৰিপুণ বৰাই ক'লে- “প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমি বুজি পালোঁ যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব৷ আমাৰ পাঁচটা গ্যাৰেণ্টি ৰাইজে আকোঁৱালি লৈছে৷

    ৰিপুণ বৰাই ক'লে- “প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমি বুজি পালোঁ যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব৷ আমাৰ পাঁচটা গ্যাৰেণ্টি ৰাইজে আকোঁৱালি লৈছে৷

    ৰিপুণ বৰাই ক'লে- “প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমি বুজি পালোঁ যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব৷ আমাৰ পাঁচটা গ্যাৰেণ্টি ৰাইজে আকোঁৱালি লৈছে৷

    • Share this:
    BJPক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি আৰু উত্তৰ অসমৰ ৰাইজে নিঃচিহ্ন কৰিলে বুলি দাবী কৰিলে প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতি ৰিপুণ বৰা (Ripun Borah)ই৷ সোমবাৰে ৰাজীৱ ভৱন (Rajiv Bhawan Guwahati)ত আয়োজিত এক সংবাদমেলত সভাপতি বৰাই ক'লে- “BJP-এ যিমানেই মোগলৰ কথাকে নিচিঞৰক কিয়, অসমৰ মানুহে স্বাভিমানক এৰি নিদিয়ে ৷ লাগিলে নিমখ–ভাত খাব৷”

    উজনি অসম আৰু উত্তৰ  অসমৰ ৰাইজক ধন্যবাদ জনাই ৰিপুণ বৰাই বাতৰি কাকতত দিয়া বহুচৰ্চিত বিজ্ঞাপনৰ সন্দৰ্ভত ক'লে- “BJP–এ কি পৰিস্থিতিত পৰি কাকতত বিজ্ঞাপন দিবলগীয়া হ'ল? তেওঁলোকৰ কোন নেতাই কি কয় ঠিক নাই৷ কাকতৰ প্ৰথম পৃষ্ঠাৰ লীড ষ্ট'ৰী টাইপত বিজ্ঞাপন দিলে কোটি টকা খৰছ কৰি৷ BJPৰ দুৰ্বলতা লুকুৱাবলৈ বিজ্ঞাপন দিলে৷ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ এই চেষ্টা৷ সভাপতিয়ে প্ৰথম পৰ্যায়ত ৪৭টাৰ ৪২টা, গৃহমন্ত্ৰীয়ে ৩৭টা বুলি ক'লে৷ কোনে কি কয় ঠিক নাই৷ শেষ পৰ্যায়লৈ শূন্য হ'বগৈ৷”

    ২ মে'ত ৰাইজে গম পাব আচলতে দিছপুৰত এইবাৰ কোনে গঠন কৰিব চৰকাৰ৷ ৰিপুণ বৰাই ক'লে- “প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমি বুজি পালোঁ যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব৷ আমাৰ পাঁচটা গ্যাৰেণ্টি (Congress 5 Guarantee) ৰাইজে আকোঁৱালি লৈছে৷ পাঁচটা গ্যাৰেণ্টি দিছো কিন্তু বিজ্ঞাপন দিয়া নাই৷ আমাৰ প’ৰ্টেলত ১.৭৫ লাখ যুৱক-যুৱতীয়ে জব গ্যাৰেণ্টিৰ বাবে নাম পঞ্জীয়ন কৰিছে৷ ইতিমধ্যে ৭৫ হাজাৰ যুৱক-যুৱতীয়ে ৪৩টা সমষ্টিত আমাৰ সৈতে মত বিনিময় কৰিছে৷ আমি তেওঁলোকক জব গ্যাৰেণ্টি দিছো৷”

    লগতে ৰিপুণ বৰাই ক'লে- “CAA অসমত প্ৰযোজ্য কৰিম বুলি BJP–এ কৈ দিছে৷ CAAৰ বিৰুদ্ধে আমি প্ৰথমৰে পৰা সকলো পৰ্যায়তে বিৰোধিতা কৰি আহিছো৷ আমাৰ ইস্তাহাৰতো CAA বাতিলৰ কথা কৈছো৷ আমাৰ কথাক ৰাইজ আশ্বস্ত হৈছে৷ আমাৰ নিজৰ পৰ্যবেক্ষণ মতে উজনিত আমি ৪৭টাৰ ভিতৰত ৩০পাম৷”
    Published by:Sanjay Kumar Das
    First published: