নিৰ্বাচন আহিলেই গুৰুত্ব লাভ কৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই। প্ৰতিটো ৰাজনৈতিক দলেই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লোভ দেখুৱাই ভোট লাভ কৰিবলৈ চেষ্টা চলায়। বৰ্তমান ৰাজ্যজুৰি বলিছে নিৰ্বাচনৰ গৰম বতাহ। তাৰ মাজতে শনিবাৰে কংগ্ৰেছে মুকলি কৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছে অসমবাসীক দিছে পাঁচটা গাৰেণ্টী।
তাৰ সমান্তৰালকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আইনী আৰু সাংবিধানিক বিধিৰ ওপৰত অধ্যয়ন কৰিবলৈ কংগ্ৰেছে গঠন কৰিলে কমিটী৷ দেৱব্ৰত শইকীয়াৰ অধ্যক্ষতা গঠন কৰা হৈছে কমিটীখন ৷
![]()
AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে গঠন কৰি দিছে কমিটীখন ৷ কমিটীৰ অধ্যক্ষ দেৱব্ৰত শইকীয়াক সহযোগ কৰিব সাতজন সদস্যই ৷ ডাঃ দুৰ্লভ চমুৱা, বৰ্ণালী শইকীয়া বৰা, কাৰ্তিক কুৰ্মী, ব্ৰজেন সন্দিকৈ, বিৰিঞ্চি নেওগ, প্ৰণৱ বৰুৱা আৰু শৈলেন্দ্ৰ নাৰ্জাৰী ৷ এই কমিটীয়ে কম সময়ৰ ভিতৰত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|